Barpeta । বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

২২ জানুৱাৰী, ২০২৫ঃ Barpeta । সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বৰপেটা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অংশ হিচাপে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত সমবেত হৈ তেওলোকৰ বিভিন্ন অসন্তুষ্টিক লৈ ক্ষোভ প্ৰকাশ কৰি কৰ্ম সম্পাদনৰ পৰা বিৰত থাকে।‌


ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ।‌ এই সন্দৰ্ভত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে কয় যে বিভিন্ন সময়ত তেওলোকৰ ক্ষেত্ৰত নিয়ম বৰ্হিঃভূতভাবে প্ৰশাসনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।‌ সেইবোৰ কোনো কাৰণতে গ্ৰহণীয় নহয়্ জ্যেষ্ঠ কৰ্মচাৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ অসম সেৱা বিধি,১৯৬৭ উলংঘা কৰি মাজুলী জিলা প্ৰশাসনৰ এগৰাকী কৰ্মচাৰীক যোৰহাটলৈ বদলি কৰা হৈছে।‌

ইয়াৰ পূৰ্বেও নলবাৰীকে ধৰি কেবাখনো জিলাত এনে ঘটনা সংঘটিত হৈছে।‌ ধাৰাবাহিকভাৱে এই ঘটনা সংঘটিত হোৱাৰ বিৰুদ্ধে কৰ্মচাৰীসকলে আপত্তি দৰ্শাই আহিছে যদিও চৰকাৰে ইয়াৰ প্ৰতি কাণ দিয়া নাই।
সেয়েহে আজি তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। ইয়াৰ পাছতো যদি কোনো ব্যৱস্থা লোৱা নহয় তেন্তে তেওলোক পুনৰ আন্দোলনত নামিবলৈ বাধ্য হব।

Related Articles