ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে’ হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী, প্ৰেমিক-ভাই-ভনী আনকি ওচৰ-চুবুৰীয়াৰ লগতো এই দিৱস পালন কৰিব পাৰে।(Teddy Day)যদি আপুনি অবিবাহিত তেন্তে এই দিনটোত আপোনাৰ বাবে বিশেষ, কাৰণ আমি প্ৰথমে নিজকে ভাল নাপালে আন কাৰোবাক কেনেকৈ ভাল পাম?
১০ ফেব্ৰুৱাৰীৰ দিনটো নষ্ট নকৰিব, আপোনাৰ আপোনজনক এটা টেডি বিয়াৰ উপহাৰ দিয়ক। কিন্তু ইয়াৰ ৰঙৰ প্ৰতি আপুনি সাৱধান হব, কাৰণ টেডীৰ ৰঙে বিভিন্ন আৱেগ প্ৰকাশ কৰিব পাৰে। টেডীৰ প্ৰতিটো ৰঙৰ কি অৰ্থ হ’ব পাৰে জানো আহক-
নীলা ৰংক সাধাৰণতে বিশ্বাসৰ প্ৰতীক বুলি গণ্য কৰা হয়, ই প্ৰেম আৰু দায়বদ্ধতাকো প্ৰতিনিধিত্ব কৰে; অৰ্থাৎ জীৱনৰ প্ৰতিটো ভাল বেয়া সময়ত একেলগে থকাৰ উদ্দেশ্য থাকে।
সেউজীয়া ৰং সতেজ ৰং বুলি গণ্য কৰা হয়, কিন্তু যেতিয়া আপুনি এই ৰঙৰ টেডি বিয়াৰ এটা কাৰোবাক উপহাৰ দিয়ে, তেতিয়া আপুনি ইয়াৰ জৰিয়তে এই বাৰ্তা দিবলৈ চেষ্টা কৰে যে আপুনি তেওঁৰ বাবে অপেক্ষা কৰিবলৈ সাজু।
কমলা ৰঙক শক্তি আৰু আশাৰ প্ৰতীক বুলি গণ্য কৰা হয়। সাধাৰণতে কমলা ৰঙৰ টেডি সেইসকল লোকক দিয়া হয়, যাৰ লগত আমি ভৱিষ্যতে সম্পৰ্ক স্থাপন কৰাৰ আশা কৰোঁ।
গোলাপী ৰঙৰ টেডি দিয়াৰ অৰ্থ হ’ল গোলাপী ৰঙে প্ৰশংসা প্ৰকাশ কৰে; সেয়েহে এগৰাকী মহিলাক গোলাপী ৰঙৰ টেডি উপহাৰ দিয়াটো উপযুক্ত।
ৰঙা ৰঙৰ টেডি বিয়েৰ সাধাৰণতে প্ৰেমিকক বা হৃদয়ৰ অতি ঘনিষ্ঠ ব্যক্তিক উপহাৰ হিচাপে দিয়া হয়। ৰঙা ৰঙে প্ৰেম, আবেগ আৰু উত্তেজনাক প্ৰতিনিধিত্ব কৰে।