দন্দুৱাত পঞ্চ শ্বহীদ দিৱস পালন, ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱসৰ অনুষ্ঠান । Morigaon

১৩ ফেব্ৰুৱাৰী, ২০২৫ঃ Morigaon । মৰিগাঁও জিলাৰ দন্দুৱাত ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়। ১৯৮৩ চনৰ ১৩ ফেব্ৰুৱাৰীত অসম আন্দোলনৰ সময়ত নিৰ্বাচনৰ দিনৰ পৰা আৰক্ষীৰ গুলীত পাঁচজন লোকৰ মৃত্যু হৈছিল। তেওঁলোকে আছিল—লম্বোদৰ ডেকা, জুতিকা দেৱী, তৰুণ বৰুৱা, লোচন বৰুৱা আৰু মতিৰাম কাকতি। এই পাঁচজন শ্বহীদৰ স্মৃতিত আজিৰ দিনটো স্মৰণীয় হ’ল।

দন্দুৱা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সহযোতে পঞ্চ শ্বহীদ দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও আছুৰ সভাপতি ঘনেন্দ্ৰ বৰাই। পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক, লগতে বিভিন্ন বিষয়ববীয়াও উপস্থিত থাকে।

উক্ত সভাত পঞ্চ শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকৰ ত্যাগ আৰু সাহসিকতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে, অসম আন্দোলনৰ ইতিহাস আৰু ইয়াৰ পৰা পৰা পঞ্চ শ্বহীদৰ অবদান পুনৰ স্মৰণ কৰা হৈছে।

পঞ্চ শ্বহীদ দিৱসৰ এই অনুষ্ঠানৰ মাধ্যমে দন্দুৱা অঞ্চলৰ জনগণৰ মাজত অসম আন্দোলনৰ ঐতিহাসিক মূল্যবোধ আৰু ইতিহাসৰ প্ৰতি এক নতুন অনুভৱ জগাইছে।

Related Articles