১৫ ফেব্ৰুৱাৰী, ২০২৫ঃ simanta shekhar । প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ এক গীতৰ চুৰি কৰা সন্দৰ্ভত বিগত কিছুদিন ধৰি তুমুল বিতৰ্ক সৃষ্টি হৈছে। সামাজিক মাধ্যমত এই বিষয়টোক কেন্দ্ৰ কৰি সমালোচনাৰ ঝড় উঠাৰ পাছত, কণ্ঠশিল্পী তথা চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত সকলো কথা বিৱৰণ কৰিছে।
বিতৰ্কৰ সূচনা হৈছিল, যেতিয়া প্ৰয়াত ৰাজীৱ শদিয়াৰ এক গীত কণ্ঠশিল্পী সীমান্ত শেখৰে চুৰি কৰি গাইছিল বুলি অভিযোগ উঠিছিল। ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল, আৰু সীমান্ত শেখৰক তীব্ৰ সমালোচনাৰ সন্মুখীন কৰিব লগা হৈছিল।
এই বিতৰ্কৰ বিষয়ত সীমান্ত শেখৰে ক’লে, “বিতৰ্ক সৃষ্টি হোৱা গানটোৰ কপিৰাইট যাৰ হাতত আছে, সেয়া তিনিচুকীয়াৰ কিশোৰ বৰুৱাৰ। কিশোৰ বৰুৱাই সেই গানটো ৰাজীৱ শদিয়াকো গোৱাইছিল, মোকো গোৱাইছিল। ৰাজীৱ শদিয়া আৰু মই দুয়ো গায়ক। গানটোৰ প্ৰডিউচাৰ একেজনেই। এইটো এটা ভুল বুজাবুজি হৈছে।” তেওঁ লগতে উল্লেখ কৰিলে যে, ১৫ বছৰৰ আগতে ৰাজীৱ শদিয়াৰ সৈতে এই বিষয়ত আলোচনা হৈছিল। সীমান্ত শেখৰে কৈছিল, “শেহতীয়াকৈ মোৰ প’ষ্টটো ভালকৈ নপঢ়িলে হয়তো ৰাজীৱ শদিয়াই। মই দিয়া পোষ্টটোত আমাৰ গান বুলিহে দিছিলো। ৰাজীবই তাৰপিছত কমেণ্ট কৰি ফোনেৰে বিষয়টো অৱগত কৰিছিল। হয়তো তেওঁ কমেণ্টটো ডিলিট কৰিবলৈ পাহৰিলে।”
সীমান্ত শেখৰে যি ফেচবুক পোষ্টটো উল্লেখ কৰিছে সেয়া ২০২৪ বৰ্ষৰ ১ আগষ্টত দিয়া আছিল। পোষ্টটোত তেওঁ লিখিছিল, “আগন্তুক ৫৩ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI Goa) ত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীয়ে। তাৰে প্ৰস্তুতিত আমাৰ গান ‘জিলেলে জিলেলে’ত এক নৃত্য দেখি খুবেই আপ্লুত হৈছো।”
এই পোষ্টটোৰ পিছতেই, ‘ৰাজীৱ শদিয়া নতুন’ নামৰ এক ফেচবুক একাউণ্টৰ পৰা এক কমেণ্ট আহিছিল, য’ত উল্লেখ কৰা হৈছিল, “এইটো মোৰহে গান আছিল। পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব। আপুনি জনা বুজা মানুহ বিশেষ নকওঁ।”