“হেডচাৰ” নাটকৰ জয়যাত্ৰা তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদলৰ বৰ্ণিল সফলতা ।head sir

১৯ ফেব্ৰুৱাীৰ, ২০২৫ঃ head sir । সদৌ অসম ভিত্তিত অনুষ্ঠিত একাংকিকা নাটক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পাণ্ডুলিপি হিচাপে বঁটা লাভ কৰা নাটক “হেডচাৰ” মঞ্চস্থ কৰি তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদল নাট্য জগতত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নাট্যকাৰ ৰাজীৱলোচন বৰা ৰচিত এই নাটকখন চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকলৰ জীৱন আৰু শিক্ষাব্যৱস্থাৰ বাস্তৱ ছবি সুন্দৰভাৱে উপস্থাপন কৰিছে। তিনিচুকীয়া সংমণ্ডলৰ একাংকিকা নাট প্ৰতিযোগিতাত পুৰস্কৃত হোৱাৰ ফলত নাটকখন মালিগাঁওত অনুষ্ঠিত NF Railway Inter Divisional Cultural Compilation-ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।

উক্ত প্ৰতিযোগিতাত “হেডচাৰ” নাটকে চাৰিটাকৈ বঁটা লাভ কৰে—
🔹 শ্ৰেষ্ঠ নাট্যকাৰ: ৰাজীৱলোচন বৰা
🔹 শ্ৰেষ্ঠ অভিনেতা: শৈলেন বৰুৱা
🔹 শ্ৰেষ্ঠ সংগীত: নয়নিকা বৰুৱা
🔹 দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল

নাটকৰ মঞ্চসজ্বাৰ দায়িত্বত আছিল সুৰজিত সোনোৱাল, আৰু ** ৰূপসজ্বা**ত ভানুপ্ৰভা সোনোৱাল। নাটকখন পৰিচালনা কৰিছে গৌতম বৰুৱাই। নাট্যশিল্পীসকলৰ অনবদ্য অভিনয়ে নাটকৰ মৰ্যাদা অধিক উচ্চস্তৰলৈ লৈ গৈছে।

বিশেষকৈ “হেডচাৰ”ৰ নামভূমিকাত অভিনয় কৰা শৈলেন্দ্ৰ বৰুৱাৰ প্ৰশংসনীয় অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। নাটকৰ অন্তিম দৃশ্যত তেওঁৰ সংলাপ নিক্ষেপনে দৰ্শকৰ চকু সেমেকাই তোলে। লগতে, বিদ্যালয়ৰ ৰান্ধনীৰ চৰিত্ৰত গীতামণি সন্দিকৈ, CRCC ৰ চৰিত্ৰত লাৱণ্য বৰুৱা দাস, DEEO ৰ চৰিত্ৰত মহেন্দ্ৰ গগৈ, আৰু অভিভাৱকৰ চৰিত্ৰত গৌতম বৰুৱাৰ অভিনয় দৰ্শকৰ প্ৰশংসা লাভ কৰে।

এই নাটকৰ আকৰ্ষণীয় মঞ্চসজ্বা, সুললিত সংগীত আৰু বলিষ্ঠ সংলাপ নাটকৰ সফলতাৰ অন্যতম মূল উপাদান হিচাপে বিবেচিত হৈছে। “হেডচাৰ” নাটকৰ এই সফলতাই অসম নাট্য জগতত এটি উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে।

Related Articles