Chhaava: ২০২৫ চনৰ প্ৰথমখন বলীউডৰ হিট ছবি ‘ছাৱা’, এসপ্তাসত ২০০ কোটি উপাৰ্জন; বাজেট আছিল মাত্ৰ ১৩০ কোটি টকা

১৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰা বিকি কৌশলৰ ছবি ‘ছাৱা’ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। এই ছবিখনৰ বাবে অনুৰাগীসকলে বহুদিন অপেক্ষা কৰি আছিল আৰু মুক্তি পোৱাৰ লগে লগে বক্স অফিচত ছবিখনে বিপুল জনপ্ৰিয়তা উপাৰ্জন লাভ কৰিবলৈ আৰম্ভ কৰিছে। উপাৰ্জনৰ ক্ষেত্ৰত এই ছবিখনে বহু অভিলেখ ভংগ কৰিছে । ২০০ কোটিতকৈ অধিক উপাৰ্জন কৰা এই বছৰৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ‘ছাভা’।(Chhaava)


লক্ষ্মণ উটেকাৰৰ পৰিচালিত এই ঐতিহাসিক যুদ্ধ-নাটকখন ছাত্ৰপতি সম্ভাজী মহাৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখন। ছবিখনৰ গ্ৰেণ্ড চেট, শক্তিশালী একচন আৰু আৱেগিক কাহিনীয়ে মানুহক আকৰ্ষণ কৰাত বহু সফল হৈছে। লগতে ৰশ্মিকা মাণ্ডন্না আৰু অক্ষয় খান্নাই ছবিখনত অভিনয় কৰিছে।

ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু ছবিখনৰ উপাৰ্জন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মুক্তিৰ প্ৰথম সাত দিনত ২০০ কোটিৰো অধিক উপাৰ্জন কৰিছে ‘ছাভা’ই। খবৰ অনুসৰি সপ্তম দিনটোত ছবিখনে ২২ কোটি টকা সংগ্ৰহ কৰি ভাৰতত মুঠ সংগ্ৰহ ২১৯.৭৫ কোটি টকালৈ বৃদ্ধি কৰে। বিশেষ কথাটো হ’ল ছবিখনৰ বাজেট আছিল মাত্ৰ ১৩০ কোটি টকা, ছবিখনে কেইদিনমানৰ ভিতৰতে চলিত বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।

এই নতুন অভিলেখ গঢ়ি তোলাৰ সমান্তৰালকৈ ‘ছাৱা’ এইবাৰৰ প্ৰথমখন ছুপাৰহিট ছবিও হৈ পৰিছে। দিনে দিনে বাঢ়ি গৈ আছে ছবিখনৰ উপাৰ্জন। ‘ছাভা’ৰ প্ৰথম দিনাই ৩১ কোটি টকাৰ প্ৰচণ্ড মুকলি হৈছিল। দ্বিতীয় দিনা এই পৰিসংখ্যা ৩৭ কোটি টকা হোৱাৰ বিপৰীতে তৃতীয় দিনা ছবিখনে ৪৮.৫ কোটি টকা সংগ্ৰহ কৰে। সপ্তাহৰ দিন হোৱাৰ পিছতো চতুৰ্থ দিনটোত ২৪ কোটি টকা উপাৰ্জন হয়। পঞ্চম দিনা ২৫.২৫ কোটি, ষষ্ঠ দিনত ৩২ কোটি আৰু সপ্তম দিনত ২২ কোটি টকা উপাৰ্জন কৰে।কেৱল এয়াই নহয়, এই ছবিখনে বিশ্বব্যাপী বক্স অফিচতো ২৭০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে।

Related Articles