Kiara Advani: কিয়াৰ-সিদ্ধাৰ্থৰ ঘৰলৈ নতুন সদস্যৰ আগমন, সামাজিক মাধ্যমত জনালে এই ভাল খবৰটো

দীপিকা-আলিয়াৰ পিছত কিয়াৰা আদৱানীয়ে মাতৃ হ’বলৈ গৈ আছে, বিবাহৰ ২ বছৰৰ পিছত ভাল খবৰ জনাই সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে এখন মৰমলগা ফটো শ্বেয়াৰ কৰিলে কিয়াৰা আদৱানীয়ে।(Kiara Advani)ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ পিছত অভিনন্দন জনাই লাখ লাখ অনুৰাগীয়ে। মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰিল অভিনেত্ৰীগৰাকীৰ এই পোষ্টটো।

ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি পোষ্টটোত লিখিছে – ‘আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। আহি আছে। অভিনেত্ৰীগৰাকীয়ে এই পোষ্টত অনুৰাগীয়ে অভিন্দনেৰে ওপচাই পেলাইছে।

এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি একতা কাপুৰে লিখিছে – ‘এতিয়া ৰাতিটো দীঘলীয়া হ’ব।’ ইয়াৰ লগতে তেওঁ এটা হাৰ্ট আইকন শ্বেয়াৰ কৰিছিল। শিল্পা শ্বেট্টীয়ে লিখিছে- ‘অভিনন্দন’। ইয়াৰ উপৰিও আথিয়া শ্বেট্টী, ছফী চৌধাৰীকে ধৰি আন বহু তাৰকাই দুয়োকে অতি সোনকালে আৰম্ভ হ’বলগীয়া নতুন যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছে।

কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহৰ দুবছৰ হ’ল। ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হৈছিল। দুয়োৰে বিয়া হৈছিল ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত। য’ত বলীউডৰ তাৰকাৰ উপৰিও পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়সকলে অংশগ্ৰহণ কৰিছিল।

Related Articles