Alia Bhatt: ছ’চিয়েল মিডিয়াৰ পৰা ৰাহাৰ সকলো ফটো ডিলিট কৰিলে আলিয়া ভাটে ! হঠাৎ আলিয়াৰ এনে সিদ্ধান্ত কিয় ?

ছেইফ আলী খান আৰু কৰীনা কাপুৰৰ সৈতে হোৱা চাঞ্চল্যকৰ ঘটনাৰ পিছত কৰীনাই পাপাৰাজীক জেহ আৰু টাইমুৰৰ ফটো ক্লিক নকৰিবলৈ অনুৰোধ জনায়।(Alia Bhatt) ইয়াৰ উপৰিও ঘৰৰ বাহিৰৰ পৰা ফটো নল’বলৈও কয়। এই সিদ্ধান্তৰ আঁৰৰ কাৰণ শিশুৰ সুৰক্ষাৰ সৈতে জড়িত। কিন্তু এতিয়া যেন আলিয়াইও কৰীনা কাপুৰৰ পথ অনুসৰণ কৰিছে। কাৰণ আলিয়াই ৰাহাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ পিছত অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ৰহাৰ ফটো চাবলৈ হাহাকাৰ কৰিব।

ছচিয়েল মিডিয়াত কেঁচুৱা ৰাহাৰ সৈতে শ্বেয়াৰ কৰা সকলো ফটো ডিলিট কৰিছে আলিয়া ভাটে য’ত ৰহাৰ মুখ দেখা যায়। এতিয়া আলিয়াৰ ইনষ্টাগ্ৰামত ৰাহাৰ কেইখনমান ফটোহে দেখা গৈছে য’ত ৰাহাৰ মুখখন একেবাৰেই দেখা পোৱা নাই। আলিয়াৰ এই সিদ্ধান্তৰ পিছতে স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল। অৱশ্যে একাংশ লোকেও আলিয়াৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে।

অনুৰাগীয়ে আলিয়াৰ এই সিদ্ধান্তক ৰহাৰ নিৰাপত্তাৰ সৈতে জড়িত বুলি কৈছে। ১৬ জানুৱাৰীৰ মাজনিশা কৰীনাৰ ঘৰত প্ৰৱেশ কৰিছিল এটা চোৰ। টকাৰ বাবে ল’ৰা-ছোৱালীক আক্ৰমণ কৰিবলৈ ওলাইছিল। তেওঁলোকক বচাওঁতে ছেইফক আক্ৰমণকাৰীয়ে আক্ৰমণ কৰে আৰু তেওঁ আহত হয়। ইয়াৰ পিছত ল’ৰা-ছোৱালীৰ সুৰক্ষাৰ কথা মনত ৰাখি কৰীনাই পেপবোৰক জেহ আৰু টাইমুৰৰ ফটো ক্লিক নকৰিবলৈ অনুৰোধ জনায়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত আলিয়াক দেখাৰ লগে লগে পাপাৰাজীয়ে ফটো ক্লিক কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই আলিয়াই পেপবোৰক দুমিনিটৰ বাবে কেমেৰা বন্ধ কৰিবলৈ ক’লে। এনে পৰিস্থিতিত আলিয়াই হয়তো পাপাৰাজীক ৰাহাৰ ফটো ক্লিক নকৰিবলৈ কৈছিল বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আলিয়াৰ এই সিদ্ধান্ত এতিয়াও ৰহস্য আৱৰ্তত।

Related Articles