বলিউদৰ অভিনেত্ৰী কিয়াৰা আদৱানীয়ে নিবিচাৰে যে তেওঁৰ সন্তান তেওঁৰ বা সিদ্ধাৰ্থৰ দৰে হওক। কিয়াৰাই বিচাৰে যে তেওঁৰ সন্তানত আন এগৰাকী বলীউডৰ তাৰকাৰ গুণ থাকিব লাগে। অভিনেত্ৰীগৰাকীয়ে কয় যে মই বিচাৰো মোৰ ছোৱালীজনী কৰীনাৰ দৰে হওক, মোৰ বা সিদ্ধাৰ্থৰ দৰে নহয়!(Kiara Advani pregnancy)
কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’ব। তেওঁলোকে নিজেই এই ভাল খবৰটো ছচিয়েল মিডিয়াত জনালে অনুৰাগীক। কিন্তু অভিনেত্ৰীগৰাকীয়ে নিবিচাৰে যে তেওঁৰ সন্তান তেওঁ বা সিদ্ধাৰ্থৰ দৰে হওক। কিয়াৰাই বিচাৰে যে তেওঁৰ সন্তানৰ গাত আন এগৰাকী বলীউডৰ তাৰকাৰ গুণ থাকিব লাগে। সেই তাৰকাগৰাকী হ’ল কৰীনা কাপুৰ খান। কিয়াৰাই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে যদি তাইৰ কন্যা সন্তান হয় তেন্তে তাই কৰীনাৰ দৰে হোৱাটো বিচাৰিব।
কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেয়াৰ কৰা পোষ্টটোত দেখা গৈছে হ’বলগীয়া পিতৃ-মাতৃৰ দুয়োহাতত এযোৰ সৰু সৰু মোজা। তেওঁলোকে কেপচনত লিখিছে, “আমাৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।” Coming soon.” নেহা ধুপিয়াৰ পৰা কৰীনা কাপুৰলৈকে বহু লোকে এই পোষ্টটোৰ বাবে কিয়াৰা আৰু সিদ্ধাৰ্থক অভিনন্দন জনাইছে। ইফালে শিশুক লৈ কিয়াৰাৰ এটা পুৰণি মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
পূৰ্ব এটা সাক্ষাৎকাৰত কিয়াৰাক সুধিছিল যে তাই যমজ সন্তান বিচাৰে নেকি, এজনী ছোৱালী আৰু এজন ল’ৰা, নে সমলিংগৰ সন্তান বিচাৰে? সেই প্ৰশ্নৰ উত্তৰত কিয়াৰাই প্ৰথমে কৈছিল যে যদি তাইৰ যমজ সন্তান হয় তেন্তে তাই দুটা সুস্থ সন্তানৰ আশা কৰে। সাক্ষাৎকাৰটোত কৰীনাও উপস্থিত আছিল। উত্তৰ শুনি কৰীনাই হাঁহে। কৰীনাৰ মতে এই উত্তৰটো আচলতে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ দৰে শুনা গৈছিল। তেতিয়া কিয়াৰাই ক’লে যে তাইক এজনী ছোৱালী আৰু এজন ল’ৰা লাগে।
ইয়াৰ পিছত কিয়াৰাই ক’লে যে যদি তাইৰ ছোৱালী হয় তেন্তে তাইৰ মাজত কৰীনাৰ কিছুমান বিশেষ গুণ চাব বিচাৰে। কিয়াৰাই কয়, “কৰীনা আত্মবিশ্বাসী, তাইৰ অভিব্যক্তি, তাইৰ ব্যক্তিত্ব – মই মোৰ ছোৱালীজনীৰ গাত এই সকলোবোৰ গুণ বিচাৰিম।” “কাৰিনা ইজ গ্ৰেট ইন এভাৰী ৱে।” ‘গুড নিউজ’ ছবিখনৰ শ্বুটিংৰ সময়ত দিয়া এক সাক্ষাৎকাৰত কিয়াৰাই এই মন্তব্য কৰিছিল।