Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যনিৰ্বাহক অধিৱেশন, প্ৰতিনিধি সভাৰ দ্বাৰা নিৰ্বাচিত জিলা প্ৰতিনিধিয়েহে অংশগ্ৰহণ কৰিব পাৰিব

অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অধিৱেশন অহা ৯ মাৰ্চৰ দিনৰ ১০ বজাৰ পৰা যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাস্থিত নতুন প্ৰেক্ষাগৃহত অনুষ্ঠিত হʼব।(Assam Sahitya Sabha) এই অধিৱেশনৰ লগতে ন-পুৰণি কাৰ্যনিৰ্বাহক সদস্যসকলৰো যুটীয়া বৈঠকো অনুষ্ঠিত হ’ব। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে ইতিমধ্যে অসম সাহিত্য সভাৰ পুৰণি সদস্যসকললৈও পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু নতুন সমিতিৰ নতুনকৈ মনোনীত সদস্য-সদস্যাসকলৰ পত্ৰও প্ৰেৰণৰ দিহা কৰি থকা হৈছে।

এই অধিৱেশনৰতে অসম সাহিত্য সভাই বহুকেইটা ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জানিবলৈ দি প্ৰধান সম্পাদক গৰাকীয়ে লগতে কয় যে যি সমূহ জিলা সভাই সংবিধানৰ আধাৰত উপলক্ষ্যে অনুষ্ঠিত কৰা প্ৰতিনিধি সভাত নিৰ্দিষ্ট সংখ্যক শাখা প্ৰতিনিধিৰ অংশগ্ৰহণেৰে জিলা প্ৰতিনিধি নিৰ্বাচন কৰিছে তেনে প্ৰতিনিধিৰ নাম ঠিকনা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, প্ৰতিনিধি সভাত গৃহীত প্ৰস্তাৱ, উপস্থিতিৰ স্বাক্ষৰ আদি অসম সাহিত্য সভালৈ প্ৰেৰণ কৰিবলৈ সভাৰ তৰফৰ পৰা এক বিজ্ঞপ্তিযোগে (নং-অ.আ.স/কেইটা/প্ৰধান/সাধাৰণ বিজ্ঞপ্তি/২০২৫-২৭/৩০১, তাৰিখ: ০৫-০২-২০২৫) আহ্বান জনোৱা হৈছিল যদিও বৰ্তমানো গৰিষ্ঠসংখ্যক জিলা সাহিত্য সভাই নিৰ্বাচিত জিলা প্ৰতিনিধিৰ নাম-ঠিকনা প্ৰেৰণ কৰা নাই। ইফালে সভাৰ সংবিধানত উল্লেখ আছে যে- জিলা সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত মূল সভালৈ জিলা প্ৰতিনিধি নিৰ্বাচন কৰিব।

সেয়ে জিলা সভা সমূহে কেন্দ্ৰীয় সমিতিলৈ নিৰ্দিষ্ট তথ্যেৰে প্ৰতিনিধিৰ সকলো নাম-ঠিকনা ডাকযোগে কেন্দ্ৰীয় কাৰ্যালয় অথবা ৯৮৬৪০৫০৫৫০ হোৱাটছ-এপ নম্বৰত প্ৰেৰণ কৰিলেহে প্ৰথম কাৰ্যনিৰ্বাহক অধিৱেশনলৈ জিলা সমূহৰ প্ৰতিনিধিসকলক নিমন্ত্ৰণ কৰা হ’ব। কেৱল প্ৰতিনিধি নিৰ্বাচনৰ বাবেই প্ৰাৰম্ভিক বৈঠক, বৰ্ধিত কাৰ্যনিৰ্বাহক আদি আয়োজন কৰি বিধিসন্মত নোহোৱাকৈ নিৰ্বাচন কৰা জিলা প্ৰতিনিধিক যোৰহাটৰ কাৰ্যনিৰ্বাহক অধিৱেশনলৈ নিমন্ত্ৰণ কৰা নহয় বুলি সভাৰ তৰফৰপৰা স্পষ্ট কৰি দিছে। আজি প্ৰধান সম্পাদক দেৱজিৎ বৰাই বিজ্ঞপ্তিটোত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু উপসভাপতি পদুম ৰাজখোৱাৰ পৰামৰ্শ অনুসৰি জিলা সাহিত্য সভাসমূহক আহ্বান জনাই কয় যে-‘প্ৰতিনিধি সভাৰ যোগেদি জিলা প্ৰতিনিধি নিৰ্বাচন কৰিবই লাগিব’।

Related Articles