২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব ভাৰত । INDIA

দৰং, ৭ মাৰ্চ: INDIA । কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ সন্দৰ্ভত দৰং জিলা বিজেপি কাৰ্য্যালয়ত আজি এক সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত উপস্থিত থাকে সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিজেপিৰ সম্পাদক পল্লব লোচন দাস, জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা আৰু বিধায়ক পৰমানন্দ ৰাজবংশী।

সংবাদ মেলত সাংসদ দিলীপ শইকীয়াই কেন্দ্ৰীয় বাজেটত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকলৰ বাবে গৃহীত বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব। এই বাজেটখন দেশৰ সকলো স্তৰৰ জনসাধাৰণক সঁপাই লৈ প্ৰস্তুত কৰা হৈছে।

সাংসদ দিলীপ শইকীয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষত বৰ্তমান ২৫ কৌটি জনতা দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইয়াৰোপৰি, মধ্যবিত্ত জনতাই ১২ লাখ টকা পৰ্যন্ত আয়কৰে কৰ মুকলি সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে এই বাজেটৰ জৰিয়তে দেশত শূন্য দৰিদ্ৰতাৰ লক্ষ্য স্থাপন কৰিছে।

সংবাদ মেলতে সাংসদ দিলীপ শইকীয়াই দৰং জিলাৰ পৰিবহন ব্যৱস্থাৰ উন্নতিৰ বিষয়েও গুৰুত্ব প্ৰদান কৰে। তেওঁ কয় যে দৰং জিলা ৰেল মানচিত্ৰত সংযোগ হ’ব, আগীয়াঠুৰীৰ পৰা ডেকাৰ গাঁওলৈ ১২৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ দৰং জিলাৰ পৰিবহন ক্ষেত্ৰত এক যুগান্তকাৰী পৰিবৰ্তন আনিব বুলি সাংসদ শইকীয়াই ব্যক্ত কৰে।

সংবাদ মেলখনত উপস্থিত সকলো বিজেপি নেতা-কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমুখী এই বাজেটক সফল প্ৰচেষ্টাৰ ৰূপ হিচাপে অভিহিত কৰে।

Related Articles