প্ৰয়াত দুলদুল বৰকটীক স্মৰণ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অংশগ্ৰহণ ।Lurinjyoti Gogoi

বিশ্বনাথ, ৭ মাৰ্চ: Lurinjyoti Gogoi । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দুলদুল বৰকটকীৰ স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ অনুষ্ঠান বৃহস্পতিবাৰে পাভৈ ৰূপজ্যোতি কলা পৰিষদ ভৱনত অনুষ্ঠিত হয়। প্ৰয়াত দুলদুল বৰকটীক স্মৰণ কৰি আয়োজিত এই সভাত অসমৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।

দুলদুল বৰকটী ২৯ নবেম্বৰ, ২০২৪ তাৰিখে ইহলীলা সম্বৰণ কৰে। অসমীয়া সমাজ গঠনত তেওঁৰ অৱদান অপৰিসীম আছিল। বিভিন্ন ভাষাভাষী ৰাইজক একতাৰ বন্ধনত আবদ্ধ কৰি সমন্বয় সাধন কৰাত তেওঁৰ বিশেষ ভূমিকা আছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ আদৰ্শক অৱলম্বন কৰি, দুলদুলে মানৱতাবাদৰ দৰ্শন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে তেওঁক ‘সমন্বয়ৰ স্ৰষ্টা’ বুলি অভিহিত কৰা হৈছিল।

স্মৃতিচাৰণ সভাত প্ৰয়াত দুলদুল বৰকটীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ মাতৃ মিনতি বৰকটীক। তাৰ পিছতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সম্পাদক দুলদুল বৰকটীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি, প্ৰয়াত দুলদুলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।

সভাখনৰ সভাপতিত্ব কৰে আয়োজক সমিতিৰ সভাপতি ৰসেশ্বৰ খাউণ্ডে, আৰু আঁত ধৰে সম্পাদক জিন্টু বৰা আৰু সুশীল তাঁতিয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সভাত অংশগ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনত দুলদুল বৰকটীৰ ভূমিকা বিষয়ে আলোকপাত কৰে। তেওঁ ঘোষণা কৰে যে ২৯ নবেম্বৰ দিনটোক অসম জাতীয় পৰিষদে ‘সমন্বয়ৰ দিন’ হিচাপে পালন কৰিব।

অনুষ্ঠনত অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান, বিশ্বনাথ জিলাৰ সভাপতি অমৃত হাজৰিকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিক্ৰম বিকাশ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত বৰুৱা, আৰু জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বক্তব্য ৰাখে।

অনুষ্ঠানত প্ৰয়াত দুলদুল বৰকটকীৰ স্মৃতিত ৰমেশ চন্দ্ৰ চৰেণ আৰু মঃ আজমত শ্বেখৰ সম্পাদনাত ‘স্মৃতিৰ সুবাস’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। সন্ধিয়া ভাগত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সফল সামৰণি ঘটে।

Related Articles