হাজো, ৮ মাৰ্চ ২০২৫: International Women’s Day । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কামৰূপ জিলা যুৱ কংগ্ৰেছে সমাজৰ ভিন্ন স্তৰৰ স্বাৱলম্বী নাৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। বৃহত্তৰ হাজো অঞ্চলত অনুষ্ঠিত এই কাৰ্যসূচীত অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক দিশত স্বাৱলম্বী মহিলাসকলক বিশেষভাৱে উৎসাহিত কৰা হয়।
এই উপলক্ষে যুৱ কংগ্ৰেছৰ সদস্যসকলে নাৰীসকলৰ ঘৰে ঘৰে গৈ ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আৰু এটি গছপুলি উপহাৰ দিয়ে। সংগঠনটোৱে নাৰীসকলক কেৱল ঘৰৰ চাৰিবেৰৰে সীমাবদ্ধ নাথাকি আত্মনির্ভৰশীল হোৱাৰ বাবে অনুপ্ৰাণিত কৰে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে কয় যে, “নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা কেৱল ব্যক্তিগত উন্নতি নহয়, ই সমাজখনৰো সমৃদ্ধি বৃদ্ধি কৰে।” আগন্তুক দিনসমূহত নাৰীসকলক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সংগঠনটোৱে সদায় উৎসাহিত কৰিব বুলি যুৱ কংগ্ৰেছৰ নেতৃত্বই প্ৰতিশ্ৰুতি ব্যক্ত কৰে।