Dhubri Accident News: ধুবুৰীৰ কঁচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুগৰাকী মহিলা

ধুবুৰীৰ কঁচুৱাৰ খাচ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা।(Dhubri Accident News)

তীব্রবেগী বাইকে মহতিয়াই নিলে শিশুসহ দুগৰাকী মহিলা পথচাৰীক।

দুর্ঘটনাত প্রাণ হেৰুৱালে ছিদ্দিকা বেগম আৰু মুচকান পাৰবিন নামৰ দুগৰাকী মহিলাই।

নিহত ছিদ্দিকা বেগম আদাবাৰী জিলা পৰিষদৰৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত সদস্যা আছিল।

দুর্ঘটনাত গুৰুতৰভাৱে আহত ছেলিনা বেগম নামৰ আন এগৰাকী মহিলা।

গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী মেহবুব আলী।

নিহত মহিলা গৰাকী বিশিষ্ট সমাজ সেৱক আজগৰ আলিৰ পত্নী আৰু শিশুটি তেওঁৰ নাতিনী বুলি জানিব পৰা গৈছে। আৰু আহত মহিলা গৰাকী আজগৰ আলিৰ ভগ্নী।

একেটা পৰিয়ালৰ তিনিজন লোক দুৰ্ঘটনাত আহত হোৱাৰ লগতে দুগৰাকী নিহত হ’বলগীয়া হয়।

ইফটাৰৰ পিছত তিনিও মিলি নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলংৰ ওচৰত 127 B নং ৰাষ্ট্ৰীয় ঘাইপথত ফুৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে।

এই মৃত্যুৰ খবৰত অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে।

Related Articles