Guess This Actress: চেহেৰাই শত্ৰু, বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন এইগৰাকী অভিনেত্ৰী হৈ পৰিল ৩০১০ কোটি টকাৰ সাম্ৰাজ্যৰ বোৱাৰী !

চলচ্চিত্ৰ জগতত নাম উজলাই তোলাটো সহজ নহয়। (Guess This Actress)সকলোৱে কঠোৰ পৰিশ্ৰম কৰি বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমান মানুহৰ আৰম্ভণিৰে পৰাই ভাগ্য ভাল হয়, আনহাতে কিছুমানে সফলতা লাভ কৰিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয়। বহু সময়ত প্ৰতিভা থকাৰ পিছতো তেওঁলোকে সুযোগ নাপায় আৰু কেতিয়াবা কেৱল চেহেৰাৰ ভিত্তিত বিচাৰ কৰা হয়। বিশেষকৈ উদ্যোগটোত নতুন মুখ এখন আহিলে তেওঁ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। যেনেকৈ এইগৰাকী অভিনেত্ৰীয়ে কৰিবলগীয়া হৈছিল।

আজি আমি আপোনালোকক কবলৈ ওলাইছো সেই অভিনেত্ৰীগৰাকীৰ বিষয়ে, যিয়ে নিজকে অতি সহজ-সৰল বুলি গণ্য কৰিছিল। তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁ গ্লেমাৰৰ জগতখনত নিজৰ বাবে ঠাই উলিয়াব পাৰিব। কলেজৰ সময়ত বন্ধুৱে তেওঁক সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কৈছিল। প্ৰথমতে তেওঁ ভাবিছিল যে সফল হ’ব নোৱাৰিব, কিন্তু সাহস দেখুৱাই অডিচন দিলে। অৱশ্যে তাত বহুত মন্তব্যৰ সন্মুখীন হোৱাৰ লগতে চেহেৰাৰ বাবে প্ৰত্যাখ্যান কৰা হয় যদিও পিছলৈ তেওঁ এই উদ্যোগৰ ৰাণী হৈ পৰে।

আমি কৈছোঁ ৩২ বছৰীয়া সুন্দৰী সোভিতা ধূলিপালাৰ কথা, যি আজি উদ্যোগটোৰ অন্যতম সফল আৰু শীৰ্ষ অভিনেত্ৰী। খবৰ অনুসৰি অডিচনৰ সময়ত সোভিতা ধূলিপালাক ইমানেই অপমান কৰা হৈছিল যে বিজ্ঞাপনত তেওঁৰ ঠাইত কুকুৰ এটাক উলিয়াইছিল। এইটো তেওঁৰ বাবে এক বৃহৎ বিপৰ্যয় আছিল যদিও হাৰ মানি যোৱাৰ পৰিৱৰ্তে তেওঁ নিজকে শক্তিশালি হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পিছত তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে বহু খিতাপও লাভ কৰে।

১৯৯২ চনৰ ৩১ মে’ত বিশাখাপট্টনমত জন্মগ্ৰহণ কৰা শোভিতা ধূলিপালাৰ পিতৃ মাৰ্চেণ্ট নেভিৰ অভিযন্তা আৰু মাতৃ শিক্ষয়িত্ৰী আছিল। তেওঁৰ শৈশৱ অতি সহজ আছিল যদিও সৰুৰে পৰা তেওঁৰ নৃত্য আৰু শিল্পৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। ভৰত্নট্যম আৰু কুচিপুডীৰ দৰে ধ্ৰুপদী নৃত্য শিকিছিল। পঢ়া-শুনাতো বৰ চোকা আছিল। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এইচ আৰ বিজনেছ এণ্ড ইকনমিক্সত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মডেলিং আৰু অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয় আৰু কেইবাটাও অডিচন দিয়ে।

মডেলিঙৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা সোভিতাই ২০১৩ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হৈছিল। ইয়াৰ পিছত ২০১৬ চনত অনুৰাগ কাশ্যপৰ ছবি ‘ৰমন ৰাঘৱ ২.০’ৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ ‘গুদাচাৰী’ (২০১৮), ‘মেড ইন হেভেন’ (২০১৯), ‘মুথন’ (২০১৯), ‘কুৰুপ’ (২০২১) আৰু ‘পনিয়িন চেলভান’ (২০২২) আদি বহু ছবি আৰু ৱেব চিৰিজত কাম কৰিছিল। শেহতীয়াকৈ তেওঁ ‘দ্য নাইট মেনেজাৰ’ (২০২৩) আৰু ‘মংকি মেন’ (২০২৪) ছবিতো কাম কৰিছিল, যিয়ে তেওঁৰ পৰিচয় আৰু অধিক শক্তিশালী কৰি তুলিছিল।


শেহতীয়াকৈ দক্ষিণ আৰু বলীউডৰ উপৰিও শ্বোভিতাই হলিউডতো নিজৰ নাম উজলাই তুলিছে। আজি শোভিতা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ উপৰিও নাগা চৈতন্যৰ পত্নীও। যোৱা বছৰ ২০২৪ চনত দুয়োৰে বিয়া হৈছিল ৩ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি। খবৰ অনুসৰি প্ৰতিখন ছবিৰ বাবে তাই ৭০ লাখৰ পৰা ১ কোটি টকা লয়। খবৰ অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭ৰ পৰা ১০ কোটি টকা, আনহাতে নগা চৈতন্যৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫৪ কোটি টকা। একে সময়তে নাগাৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০১০ কোটি টকা।

Related Articles