অসম চৰকাৰৰ কৃষি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ অৰ্ন্তগত (FPO Mela 2025) ‘অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়াম’-ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ‘ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছৰ্টিয়াম’ৰ সৌজন্যত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম সাংস্কৃতিক কেন্দ্ৰত কৃষক উৎপাদক সংস্থা মেলা ২০২৫’ অনুষ্ঠিত কৰা হৈছে৷
উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত অসমৰ কৃষিমন্ত্ৰী অতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মেলাখন উদ্বোধন কৰে।
অসমৰ ৪১ টা কৃষক উৎপাদক সংস্থা আৰু মেঘালয়ৰ ২ টা কৃষক উৎপাদক সংস্থাৰ অংশগ্ৰহণেৰে ১৭, ১৮ আৰু ১৯ মাৰ্চলৈ এই ‘কৃষক উৎপাদক মেলা’ অনুষ্ঠিত হ’ব৷
কৃষিমন্ত্ৰী বৰাই সোমবাৰে মেলাত প্ৰদান কৰা ভাষণত উল্লেখ কৰে যে – কৃষক উৎপাদক সংস্থাসমূহৰ কৃষি কৰ্মৰ পৰিচালনা ব্যয়ৰ বাবে ৰাজ্যৰ ৫০০ টা FPO ৰ বাবে ১০ লাখকৈ আগবঢ়োৱাৰ বিষয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত সন্নিৱিষ্ট কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উত্তৰণ আৰু কৃষকসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কৃষক উৎপাদক সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভুমিকা ৰূপায়ণ কৰি কৃষক ৰাইজক নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যি উল্লেখ্যযোগ্য পদক্ষেপৰ বিভাগীয় তত্বাৱধানত গ্ৰহণ কৰিছে সেই সন্দৰ্ভত বিশেষকৈ আলোকপাত কৰে।
মন্ত্ৰী বৰাই লগতে কয় যে — মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰি আহিছে। লগতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্ৰীৰ পৰিকল্পনাক সাৰ্থকতা কৰাৰ ক্ষেত্ৰত নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ বিভাগীয় বিষয়া সকললৈ আহ্বান জনায় ৷ কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক উৎপাদক সংস্থাসমূহৰ বিপণীসমূহ পৰিদৰ্শন কৰি উৎসাহ যোগায়।
মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়াই কয় যে ,” এফ পি অ’ সমূহৰ জৰিয়তে কৃষক ৰাইজে মধ্যভোগীৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ তথা উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷”
সোমবাৰৰ মেলাত অংশগ্ৰহণকাৰী এফ পি অ’ ৰ সদস্যসকলৰ বাবে দুখন কাৰিকৰী কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰে “ৰপ্তানি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত সজাগতা” বিষয়ত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উদ্যান শস্য সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক তথা APEDA ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ত্ৰিৰংগ ভাৰতীয় বৰা উপস্থিত থাকে। আনহাতে, দ্বিতীয়খন কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ সহকাৰী মহাপ্ৰবন্ধক এ. দেউৰী আৰু ব্যৱসায়িক বিকাশ প্ৰবন্ধক শ্যাম জ্যোতি বুঢ়াগোহাঁই-য়ে “ঋণ সম্পৰ্কীয় সজাগতা” বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।
মেলাৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত কৃষি বিভাগৰ সঞ্চালক তথা অসম ক্ষুদ্ৰ কৃষক কৃষি-বানিজ্য কনছ’ৰ্টিয়ামৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ভাস্কৰ পেগু, কৃৃষি বিভাগৰ সচিব শ্ৰী তেজ প্ৰসাদ ভূষাল, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ মুখ্য মহাপ্ৰবন্ধক শ্ৰী লোকেন দাস, অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়ামৰ পৰামৰ্শদাতা হৰি বড়ো তথা বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷