দুসপ্তাহমান পূৰ্বে প্ৰবীণ অভিনেতাগৰাকীক চকুৰ চিকিৎসালয়লৈ যোৱা দেখা গৈছিল। সোঁ চকুত ডাঙৰ বেণ্ডেজ লৈ ওলাই অহাৰ লগে লগে তেওঁক ঘেৰি ধৰিলে পাপাৰাজীয়ে।(Dharmendra)
তেওঁ অনুৰাগীসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয় যে মই এতিয়াও যথেষ্ট শক্তিশালী! মই নিজৰ কাম নিজেই কৰিব পাৰো। এইদৰেই মঙলবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰ। তেওঁ নিজেই কৈছিল যে তেওঁৰ সোঁ চকুৰে দেখাত অসুবিধা হৈছে। চকু পৰীক্ষা কৰাৰ পিছত ডাক্তৰে কৰ্ণিয়া ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন বুলি ক’লে। সেয়ে নিজে হস্পিতাললৈ আহি অস্ত্ৰোপচাৰ কৰিছিল।
হস্পাতালত তেওঁক ঘেৰি ধৰিলে ফটোগ্ৰাফাৰসকলে। জানিব বিচাৰিলে তেওঁৰ কি হৈছে? কিছুদিন ধৰি সোঁ চকুত দেখাত অসুবিধা হোৱা বুলি উল্লেখ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। ডাক্তৰৰ ওচৰলৈ যাওঁতে তেওঁ মোক পৰীক্ষা কৰি ক’লে যে মোৰ কৰ্ণিয়া গ্ৰাফ্টিং কৰিব লাগিব।
লগতে ফটো সাংবাদিকৰ জৰিয়তে অনুৰাগীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ক’লে, “আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে বাবেই মই জীয়াই আছোঁ। তাৰ বাবে মই কৃতজ্ঞ। মইও আপোনালোকলৈ বহুত মৰম পঠাইছো। চিন্তা নকৰিব। মই ভালেই আছো।