তিতাবৰ, ২ এপ্ৰিল: Titabar । তিতাবৰৰ বগাৰগাঁৱত ধলী নদীৰ পাৰতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ত ‘উৎসৱ বিদ্যাৰম্ভ’ৰ মাধ্যমেৰে নতুন শিক্ষাবর্ষৰ শুভ সূচনা কৰা হয়। শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যে বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানটো প্রধান শিক্ষক পল্লৱ কুমাৰ গগৈৰ ভাষণৰ মাধ্যমেৰে আৰম্ভ হয়, য’ত তেওঁ বিদ্যালয়খনৰ
শিক্ষাদান প্ৰণালী আৰু আগন্তুক শিক্ষাবর্ষৰ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যিক মহিলা আয়োগৰ সদস্যা তথা
বিশিষ্ট শিক্ষাবিদ বৰ্ণালী শইকীয়া বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে।
অনুষ্ঠানটোত বিদ্যালয়খনৰ মাতৃ গোটৰ সদস্যাসকলে প্ৰতিগৰাকী শিক্ষাগুৰুক ফুলাম গামোচাৰে সন্মান জনায়।
লগতে, প্রধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ পল্লৱ কুমাৰ গগৈৰ দ্বাৰা ৰচিত ‘নিচাযুক্ত দ্ৰৱ্য নিবাৰণ’ নাটক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মঞ্চস্থ কৰা হয়।
বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো আয়োজিত হয়, যিয়ে অনুষ্ঠানটোক অধিক জীৱন্ত কৰি তোলে।
উল্লেখযোগ্য যে, পল্লৱ কুমাৰ গগৈৰ বলিষ্ঠ নেতৃত্বত বিদ্যালয়খনত বিগত বৰ্ষসমূহত গুণগত শিক্ষাৰ মান উন্নীত হোৱা পৰিলক্ষিত হৈছে।
ফলত, ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি অভিভাৱকসকলে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনত নামভৰ্তি কৰাইছে।
উৎসৱ বিদ্যাৰম্ভৰ দিনটোত অঞ্চলটোৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে বিদ্যালয়খনত নামভৰ্তি কৰি শিক্ষাগুৰুসকলক আৰু পৰিচালনা সমিতিক নতুন শিক্ষাবর্ষৰ বাবে আশাবাদী কৰি তোলে।