Tahira Kashyap: চাঞ্চল্যকৰ খবৰ! ৭ বছৰৰ পাছত পুনৰ স্তন কেন্সাৰত আক্ৰান্ত তাহিৰা কাশ্যপ, আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট…

চাঞ্চল্যকৰ খবৰ! ৭ বছৰৰ পাছত পুনৰ স্তন কেন্সাৰত আক্ৰান্ত তাহিৰা কাশ্যপ, আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট, স্তন কেন্সাৰৰ পৰা মুক্ত হোৱাৰ পিছত পুনৰ এই বেমাৰৰ বলি হৈছে। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ এই কথা প্ৰকাশ কৰে। যাৰ বাবে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।(Tahira Kashyap)

আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপ ২০১৮ চনত স্তন কেন্সাৰৰ বলি হৈছিল। তাৰ পিছত বহুদিনৰ মূৰত কেন্সাৰ মুক্ত হৈ পৰিছিল তাহিৰা। কিন্তু এতিয়া তাহিৰাই ক’লে যে তেওঁ ৭ বছৰৰ পাছত পুনৰ কেন্সাৰৰ বলি হৈছে। ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁ এই কথা প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁৰ অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক উৎসাহিত কৰিবলৈ আৰম্ভ কৰে।(Ayushmann Khurrana wife)

তাহিৰাই এই পোষ্টটো মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰিল। এই পোষ্টটোক লৈ অনুৰাগীসকল চিন্তিত হৈ পৰিছে আৰু লগতে তাহিৰাক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ‘মই তোমাক বহুত ভাল পাওঁ, এই সময়ো পাৰ হৈ যাব।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ‘আপোনাৰ বাবে অধিক শক্তি। তুমি আকৌ বিজয়ী হৈ উভতি আহিবা।’ তৃতীয়জনে লিখিছে- ‘অধিক শক্তি পঠিয়াইছোঁ। মই তোমাৰ বাবে প্ৰাৰ্থনা কৰিছো।’

Related Articles