Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল’লে বিজেপি-অগপৰ বিধায়কে 

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ এপ্ৰিল: সমাগত পঞ্চায়ত নিৰ্বাচনক(Panchayat Elections 2025) লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে।(BJP-AGP) কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন।

গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ‘২৬ৰ বিধানসভা নিৰ্বাচন। সেয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হৈছে শাসক দল বিজেপিৰ লগতে আন দলসমূহ।

ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে দলীয় সংঘাতত লিপ্ত থকা সময়ত সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হৈছে মিত্ৰজোঁটৰ বৈঠক। ডিব্ৰুগড়(Dibrugarh) জিলাৰ নৱ-গঠিত চাবুৱা-লাহোৱাল সমষ্টিত অসম গণ পৰিষদ আৰু বিজেপিয়ে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে।(Same Boat) কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত উজনিৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্ত হ’ল।

লাহোৱাল সমষ্টি বিলুপ্ত কৰি চাবুৱা সমষ্টিৰ নতুন নামকৰণ কৰা হয় চাবুৱা- লাহোৱাল সমষ্টি(Chabua-Lahwal Constituency)। ফলত লাহোৱাল সমষ্টিৰ অধিকাংশ সমষ্টি অন্তৰ্ভুক্ত কৰা হয় চাবুৱা-লাহোৱাল সমষ্টিত।

ইয়াৰ লগে লগে চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিলুপ্ত হোৱাত লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই  পৃথকে পৃথকে নিজ নিজ দলৰ সাংগঠনিক কামকাজত ব্যস্ত হৈছিল চাবুৱা-লাহোৱাল সমষ্টিত।

কিন্তু কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিধায়কক একলগ কৰি আলোচনাত মিলিত হৈছিল।সকলোকে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে খং, আক্ষেপ এৰি  মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিলে বিধায়ক বিনোদ হাজৰিকাই।

অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ সৈতে আলোচনাৰ অন্তত এই ঘোষণা বিধায়ক বিনোদ হাজৰিকাৰ।দলীয় নেতৃত্বৰ নিৰ্দেশত মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাজু হোৱা বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই কয়, “দলৰ নিৰ্দেশত আৰু মুখ্যমন্ত্ৰীৰ আহ্বানত মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছো।

চাবুৱা-লাহোৱাল সমষ্টিৰ ১৮খন আঞ্চলিক পঞ্চায়তৰ ১১খন আসনত বিজেপি আৰু ৭খন আসনত এজিপিয়ে নিৰ্বাচন খেলিব।চাৰিখন জিলা পৰিষদৰ দুখন আসনত বিজেপিয়ে আৰু দুখন আসনত অগপই প্ৰতিদ্বন্দিতা কৰিব।ডিকম আৰু বকুল জিলা পৰিষদত বিজেপি প্ৰাৰ্থী থাকিব আৰু  দিনজয়  আৰু মদাৰখাত জিলা পৰিষদত অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিব।অগপ দলৰ হৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিধায়ক পোনাকণ বৰুৱা আৰু বিধায়ক বিনোদ হাজৰিকাৰ মাজত  আলোচনাৰ অন্তত এই মিত্ৰতা হ’লেও সমষ্টিটোত দলীয় কৰ্মীৰ মাজত কিছু অসন্তুষ্টি দেখিবলৈ পোৱা যায়।

এই সম্পৰ্কত বিধায়ক বিনোদ হাজৰিকাই কয়, “সমষ্টিত কোনো ধৰণৰ সংঘাত নাই।সমষ্টিত এই সম্পৰ্কত খবৰ কৰা হৈছে। ৱাৰ্ডসমূহত দলীয় কৰ্মীসকলে দলীয় চিহ্নৰ বাহিৰত নিৰ্বাচন অৱতীৰ্ণ হ’ব পাৰে।কিন্তু ৱাৰ্ডসমূহৰ পৰা অৰাজনৈতিক ব্যক্তি জয়লাভ হোৱাটো বিচাৰো।

Related Articles