হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আয়ুস বৰঠাকুৰে। নাজিৰাৰ চানবচা সন্দিকৈ গাঁৱৰ আয়ুস বৰঠাকুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ গুৰুকুলৰ পৰা ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।আয়ুস বৰঠাকুৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৈনিক প্ৰায় ৭ঘন্টাকৈ অধ্যয়ন কৰিছিল।(HSLC Result 2025)
অধ্যয়নৰ সমান্তৰালকৈ ছাত্ৰজনে চিত্ৰ অংকনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। এই সফলতাৰ কৃতিত্ব পিতৃ-মাতৃৰ লগতে শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক দিয়ে আয়ুসে। আগন্তুক দিনত দেশৰ এজন সু নাগৰিক হোৱাৰ চেষ্টা কৰিব আৰু উচ্চতৰ মাধ্যমিক বানিজ্য শাখাত অধ্যয়ন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।