জোনাইত আছু নেতাক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ।(Jonai Assu News) যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে বুলি অভিযোগ। দাঁত ভাঙি গৈছে, ডিঙিত চিৰাল ফাট মেলিছে। সৰ্ব শৰীৰত আঘাতৰ চিন! এজন নিৰীহ যুৱকক এইদৰে প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন আছু নেতা উৎপল শৰ্মাৰ? লগতে আৰক্ষী বিষয়া গৰাকীক গৰিহণা। তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছোঁ আছুৰ। আৰক্ষীৰ নামত এনে গুণ্ডাগিৰী সহ্য কৰা নহ’ব। মুখ্যমন্ত্ৰী, ডিজিপিয়ে ব্যৱস্থা লওক; অন্যথা তীব্ৰ আন্দোলন হ’ব বুলি হুংকাৰ।
সামাজিক মাধ্যমত আছু নেতা উৎপল শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে, ‘প্ৰতিটো কোবৰ হিচাপ লাগিব!
যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে। দাঁত ভাঙি গৈছে, ডিঙিত চিৰাল ফাট মেলিছে। সৰ্ব শৰীৰত আঘাতৰ চিন! এজন নিৰীহ যুৱকক এইদৰে প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে?
আৰক্ষী বিষয়া গৰাকীক গৰিহণা দিছোঁ। তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছোঁ। আৰক্ষীৰ নামত এনে গুণ্ডাগিৰী সহ্য কৰা নহ’ব। মুখ্যমন্ত্ৰী, ডিজিপিয়ে ব্যৱস্থা লওক; অন্যথা তীব্ৰ আন্দোলন হ’ব।’