Breaking

গায়ন গাঁৱৰ উজনি নামঘৰৰ লাইখুটা স্থাপন

0 2,193

অসম  চৰকাৰৰ মথাউৰি সবলীকৰন আঁচনিৰ বাবে গায়ন গাঁও উজনি নামঘৰৰ স্থানান্তৰ হৈছে গাঁও খনৰ মধ্যস্থল গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ কাষলৈ। সেই উদ্দেশ্যে বৃহস্পতিবাৰে নামঘৰৰ লাইখুটা স্থাপনৰ শুভ উদ্বোধন কৰাৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিল। পুৱা ৮ বজাত এক ধৰ্মীয় বিশাল শোভাযাত্ৰাৰে এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তক ডবা শংখ, গায়ন বায়নেৰে আদৰি আনে ৰাইজে। ডেকা সত্ৰীয়া গৰাকীয়ে নিজে সিদ্ধ কৰা ভোগ, সোন ৰূপকে ধৰি পঞ্চৰত্ন দি লাইখুটাৰ নিৰ্মাণৰ শুভ উদ্বোধন কৰি ধৰ্মীয় বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। বক্তৃতাত তেখেতে নামঘৰত নামকীৰ্তন , ভাওনা আদিৰ বাদে যাতে কোনেও গ্ৰাম্য আলোচনা নকৰে তাৰ প্ৰতি সকলো উপস্থিত ৰাইজক আহ্বান জনায়। এই অনুষ্ঠানতে মাজুলীৰ বিষ্ণুপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী দেহেশ্বৰ শইকীয়া, মিস্ত্ৰী জীৱন কলিতা, পূৰ্ণকান্ত কলিতা আৰু গহীন বৰাক সম্বৰ্ধনা জনায়। গাঁওবাসীৰ লগতে কাষৰীয়া নিকিনি খোৱা গাঁও , কলনীবাৰী গাঁও, নপমুৱা গাঁও, লাহন গাঁওৰ নিমন্ত্ৰণ অতিথি সকলে খুটাত শিল বালি চিমেন্ট  দিয়ে। অনুষ্ঠানত গাঁওৰ সমাজ কৰ্মী আনন্দ শইকীয়াই বক্তব্য আগবঢ়াই। বহুতো লোকে থিতাতে বহু অনুদান আগবঢ়াই এই অনুষ্ঠানতে। ৰাইজে দান অনুদানেৰে এই মহৎ কৰ্ম কৰিবলৈ লৈছে গতিকে ৰাইজে এই অনুষ্ঠানলৈ দান বৰঙণি আগবঢ়াই সোনকালে নামঘৰ ভাগ সম্পূৰ্ণ কৰাত সহযোগিতা  কৰাৰ লগতে দিহা পৰামৰ্শ কামনা কৰিছে। উপস্থিত সকলো ৰাইজ আৰু দাতা সকলক , বিশেষকৈ ভূমিদাতা বিমান বৰাৰ পৰিয়ালক শলাগৰ শৰাই আগবঢ়াই সভাপতি দিলীপ বৰা, যুটীয়া সম্পাদক প্ৰশান্ত বৰা আৰু জয়ন্ত মাধৱ কলিতাই। কোনো লোকে যদি নামঘৰৰ বাবে দান আদবঢ়াৱ বিচাৰে ৬০০০৫৯৯৯২৯ ত যোগাযোগ কৰিব পাৰিব বুলি বিষয়ববীয়া সকলে আমাক অৱগত কৰে ।

Leave A Reply

Your email address will not be published.