Breaking

নাজিৰাত শাসকীয় দলৰ নিৰ্বাচনী বিধি উলংঘা : গান্ধাৰীৰ ভূমিকাত কৰ্তৃপক্ষ

0 2,034

বিধান সভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচনী বিভাগ তথা প্ৰশাসনে ৰাজহুৱা প্ৰতিষ্ঠান সমূহত লাগি থকা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ – পোষ্টাৰ আদি আতৰাই দিয়া পৰিলক্ষিত হয় যদিও নাজিৰাত ইয়াৰ ব্যতিক্ৰম ঘটিছে । কৰ্তৃপক্ষই কোনো কোনো স্থানৰ পৰা ৰাজনৈতিক দলৰ বেনাৰ – পোষ্টাৰ আতৰাই থকাৰ মাজতে শাসকীয় দলে নাজিৰা নগৰৰ বিভিন্ন ৰাজহুৱা স্থানত ফটো সহ দেৱাল লিখন অব্যাহত ৰখা কাৰ্য এক ৰহস্যৰ সৃষ্টি কৰিছে আৰু সচেতন মহলে এই কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আনহাতে শাসকীয় দলে নাজিৰাত নিৰ্বাচনী বিধি উলংঘা কৰি এনেদৰে দেৱাল লিখন অব্যাহত ৰখাৰ পিছতো নাজিৰা জিলা নিৰ্বাচনী বিভাগ তথা প্ৰশাসন কৰ্তৃপক্ষই এই ক্ষেত্ৰত গান্ধাৰীৰ ভূমিকা গ্ৰহণ কৰা বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে । 

Leave A Reply

Your email address will not be published.