Breaking

চাবুৱাৰ চুঙিচুকত পৰম্পৰাগত ফাগুনৰ উচ্চ কীৰ্তন সম্পন্ন

0 2,047

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ মায়ামৰা মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰাগত ভাৱে পালন কৰি অহা অনুষ্ঠান ফাগুনৰ উচ্চ কীৰ্তন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো  মটক বসতি প্ৰধান বিভিন্ন গাঁও সমূহত নিজা নিজা নামঘৰত ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে । চাবুৱাৰ নিকটৱৰ্তী চুঙিচুক গাঁৱৰ নামঘৰত বুধবাৰে দিবা -নৈশ বেলা এই অনুষ্ঠান সম্পন্ন হয়। সমাজৰ পৰা অপায়-অমংগল দূৰ কৰি  সমাজত শান্তি স্থাপনৰ কামনা অৰ্থে হোৱা উক্ত ধৰ্মীয় অনুষ্ঠানত মায়ামৰা ধৰ্মৰ আদ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিৰচিত ধৰ্মগ্ৰন্থ “ভক্তি মংগল ঘোষা” পাঠৰ পাছতে গায়ন-বায়ন পৰিৱেশন হয়। ভক্তপ্ৰাণ ৰাইজৰ মাজত মাহ-প্ৰসাদ বিতৰণৰ লগতে নিশালৈ এক ভোজৰ মহা আয়োজন চলে।  

Leave A Reply

Your email address will not be published.