Breaking

নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

0 2,034

নাজিৰা নিৰ্বাচন জিলাৰ নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰই নাজিৰাত উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা সন্দৰ্ভত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ সৈতে আলোচনা কৰে। লগতে মহকুমাধিপতি কাৰ্যালয়ৰ ষ্ট্ৰং ৰোম পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ সম্পর্কেও বুজ লয়। ইয়াৰ লগতে তেওঁ সহকাৰী আয়ুক্ত প্ৰীতম গগৈসহ নাজিৰাৰ ভোটদান কেন্দ্রসমূহ পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি সম্পর্কে নিৰীক্ষণ কৰে, যাতে ভোটদান কেন্দ্রত ভোটাৰ তথা সংশ্লিষ্ট বিষয়ববীয়াসকলৰ কোনোধৰণৰ সমস্যা নহয়। ইয়াৰ পাছত তেখেতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিংহা, নাজিৰা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্ত আৰু নিৰ্বাচনী বিষয়া সুজাতা গগৈৰ সৈতে হোৱা বৈঠকত আগন্তুক নিৰ্বাচন কিদৰে শান্তিপূর্ণ তথা সফলতাৰে ৰূপায়ণ কৰিব পাৰি তাৰে সন্দৰ্ভত আলোচনা কৰে।

Leave A Reply

Your email address will not be published.