Breaking

ফিল’বাৰীত আৰক্ষীৰ উচ্চেদ অভিযান : প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদ জব্দ

0 2,036

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফিল’বাৰী অঞ্চলত ফিল’বাৰী আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে চুলাই মদ, কানি, ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত অঞ্চলটোৰ ৰূপজান, পদুমপথাৰ, ফিল’বাৰী তিনিআলি, ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ লগতে কেইবাখনো গাঁৱত অবৈধ চুলাই মদৰ ঘাটি লগতে কানি খোলা  উচ্চেদ অভিযান আৰম্ভ কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে  মঙ্গলবাৰে সন্ধিয়া ফিল’বাৰীৰ কেন্দ্ৰবিন্দু ফিল’বাৰী তিনিআলিৰ কেইবাটাও অবৈধ মদৰ দোকানত অভিযান চলোৱাৰ লগতে ফিল’বাৰী পদুমপথাৰ গাওঁত অভিযান চলাই অবৈধ চুলাই আৰু  চুলাই প্ৰস্তুত কৰা সামগ্ৰীসমূহ ভাঙি  লণ্ডভণ্ড কৰে ।

আজি পুনৰ ৰাতিপুৱাৰ ভাগত ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ, ৰূপজান আদি অঞ্চলত অভিযান চলাই প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সামগ্ৰী জব্দ কৰি ধ্বংস কৰে । উল্লেখযোগ্য যে, ফিল’বাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত বৰ্তমান অবৈধ  মদৰ, কানি, ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আহিছে । এনেধৰণৰ মাৰাত্মক মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্ম টিলটিলকৈ ধবংস মুখলৈ যাবলৈ আৰম্ভ কৰিছে । মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোত চুৰি, ডকাইতি ঘটনা সঘনাই হ’বলৈ ধৰিছে বুলি সচেতন মহলত সৰৱ চৰ্চিত বিষয় হৈ পৰিছে ।

অভিযানটোত কোনো লোকক আটক কৰিবলৈ সক্ষম নহল আৰক্ষীৰ দলটো । আহিবলগা দিনত মাদকদব্য নিৰ্মূল কৰাত অৰ্থাৎ অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মক ধ্বংসৰ দিশৰ পৰা বচাবলৈ ফিল’বাৰী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাত অঞ্চলটোৰ ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে । অনাগত দিনত আৰক্ষীয়ে ৰাইজৰ আশ্বাসক কেনেধৰণে গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

Leave A Reply

Your email address will not be published.