Breaking

জলেশ্বৰত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুছকাৱাজ : কোনে পাব বি জে পি ৰ টিকট

0 2,061

সমাগত বিধান সভা নিৰ্বাচন ৷নিৰ্বাচনক লৈ তৎপৰ বিভিন্ন ৰাজনৈতিক দল সমুহে ৷পিছে পাচ পৰি নাথাকিল ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি ৷নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে সমষ্টিখনত কংগ্ৰেছ. মিত্ৰজোট.ৰাইজৰ দল আদি ৰাজনৈতিক দল সমুহৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলে নিজৰ নিজৰ দলৰ কৰ্মী সকলোক লগত লৈ সমষ্টিৰ চুকেকোণে সৰু বৰ সভা সমিতি আনুষ্টিত কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে ৷বিগত সময় চোৱাৰ দৰে  সমষ্টিখনত কোন এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ শক্তিশালী ৰূপে অৱৰ্তীৰ্ন হোৱা পৰিলক্ষিত হোৱা নাই ৷A U D F ৰ দখলত থকা সমষ্টিখনত মিত্ৰজোটৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আকতাৰ হুছেইন জদ্দাৰ,খাইৰুল ইছলাম মন্ডল,জাহাংগীৰ আলম,ৰূপচান আলী,জীয়াউৰ ৰহমান,ছাদ্দাম হুছেইন,ৰুহুল আমীন,ওমান গণি ,আদি কৰি কেবাজন নেতাই সোমাই পৰিছে ৰাইজৰ মাজত ৷প্ৰাৰ্থী সকলে নিজৰ নিজৰ চা চিনাকী দি ৰাইজৰ মাজত অব্যাহত ৰাখিছে জনপ্ৰিয়তা ৷কিন্ত ইয়াৰ মাজতে প্ৰাক্তন বিধায়ক আকতাৰ জদ্দাৰ ৰ  নিৰ্বাচনী প্ৰচাৰ কিছু চকুত লগা ধৰনৰ হৈছে ৷সেয়ে এইবেলি ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টিত ৰাজ্যিক সংখ্যা লঘু বৰ্ডৰ সদস্য আকতাৰ হুছেইন জদ্দাৰে টিকট পোৱাৰ সম্বভনা প্ৰকট হৈ উঠিছে। আনহাতে সমষ্টিখনত বৰ্তমানৰ এ আই ইউ ডি এফ ৰ বিধায়ক চাহাবুদ্দিনে দলটোক শক্তিশালী ৰূপে ধৰি ৰখাত ব্যৰ্থ হোৱাৰ আভিযোগ উঠাত ৰফিকুল ইছলামক দলৰ টিকট দিয়ে৷যাৰ বাবে দলটোৰ কৰ্মী সকলোৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইপিনে ৰাইজৰ দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আবতাবুদ্দিন মোল্লা,সহাৰুল ইছলাম,ছুফিয়া ছালমা (শিল্পী) ,গোলাম বাবু কীব্ৰীয়া,মীৰ নাছিৰ হুছেইন আদিয়ে সমান্তৰালকৈ আব্যাহত ৰাখিচে নিৰ্বাচনী প্ৰচাৰ ৷ৰাইজৰ দল নতুন দল হিচাপে ৰাইজে দলটোক কেনেধৰনে আকোৱালি লয় সেয়া সময়তহে হব ইয়াৰ ফলাফল। ৷মনকৰিবলগীয়া যে সমষ্টিখনত এইবেলি মিত্ৰজোটৰ লগতে কংগ্ৰেছৰ পৰা কোনে লাভ কৰিব টিকট সেইলৈ গুনাগথা চলিছে ভোটাৰ ৰাইজৰ মাজত ৷তদুপৰি সমষ্টিখনত টি এম চি দলৰ নিৰ্বাচনী প্ৰচাৰও তুংগত উঠা পৰিলক্ষিত হৈছে ৷উল্লেখ্য যে ৩৯ জলেশ্বৰ সমষ্টিত সংখ্যা লঘু সম্প্ৰদায়ৰ লোক সকলৰ মাজত লগতে যুৱ সমাজৰ মাজতো জনপ্ৰিয় হৈ পৰিছে বি জে পি নেতা আকতাৰ হুছেইন জদ্দাৰ।লগতে সংখ্যা লঘু অত্যাধুসিতো অঞ্চলৰ অনুস্থান প্ৰতিস্থানৰ লগত জড়িত হৈ পৰা জদ্দাৰক  সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সমষ্টিটো বি জে পি ৰ দখলত আহিব। লগতে তেওঁ উপযুক্ত দাবীদাৰ বুলি জনায় স্থানীয় দলীয় কৰ্মী সকলে।

Leave A Reply

Your email address will not be published.