Breaking

মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম’ শীৰ্ষক ভোটাৰ সজাগতা ৰেলী

0 2,055

নলবাৰী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আজি বৰক্ষেত্ৰীৰ মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম’ শীৰ্ষক এটি ভোটাৰ সজাগতা ৰেলী উলিয়াই বৰক্ষেত্ৰী প্ৰশাসনে ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা ৰেলীটো মুকালমুৱাৰ সোমাজেৰে গৈ নাৰায়নপুৰ হৈ পুনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মাৰ নেতৃত্বত উলিওৱা ৰেলীটোত বৰক্ষেত্ৰী প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে ৷ “ভয়-শংকা পৰিহাৰ কৰি নিজৰ বিবেকেৰে মৌলিক অধিকাৰ সাৱ্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ উদ্দেশ্যৰে উলিওৱা সমদলটোত হাতে-হাতে প্লেকাৰ্ড লৈ দুই শতাধিক ভোটাৰে অংশ গ্ৰহণ কৰে । ‘ভোট দিয়াটো আমাৰ সাংবিধানিক অধিকাৰ, প্ৰতিটো ভোটেই অতি মুল্যবান, ক্ষন্তেকীয়া প্ৰলোভনৰ দ্বাৰা ন’হব বশ, নিজৰ জ্ঞানেৰে দিব নিজৰ ভোট ‘ ইত্যাদি শ্লোগান লিখা প্লেকাৰ্ড হাতে-হাতে লৈ সজাগতা আনিবলৈ চেষ্টা কৰা ৰেলীটোত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ নতুন ভোটাৰকে ধৰি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া ত্ৰিবেণী গগৈ, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নেকিবুৰ ৰহমান, সমাজ কল্যাণ বিষয়া ডিম্বেশ্বৰ মহন্তকে ধৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী, বৰক্ষেত্ৰী উন্নয়ন খণ্ড আৰু সমাজ কল্যান বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.