Breaking

গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

0 2,065

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ১৪ আৰু ১৫ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজগড়ৰ সমীপৰ শুকানিস্থিত ভানু ৰঙ্গমঞ্চত অনুষ্ঠিত হ’ব ৷ সংগঠনটোৰ  টিংখাং আঞ্চলিক সমিতিৰ সভাপতি বিনোদ লিম্বু , সাধাৰণ সম্পাদক দীপু ঘিচিং আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ৰেত কুমাৰ শৰ্মা , যুটীয়া সম্পাদক ৰিকি থাপা , পৰিমল বিশ্বকৰ্মাই জানিবলৈ দিয়া অনুসৰি প্ৰথম দিনা পুৱা সামূহিক চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ’ব ৷ ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ , প্ৰতিনিধি পঞ্জীয়ন , কাৰ্যনিৰ্বাহক সভা , প্ৰতিনিধি সভা , সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা গছপুলি ৰোপণ , সাংস্কৃতিক শোভাযাত্ৰা , বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন , মুকলি সভা আৰু নিশালৈ  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

Leave A Reply

Your email address will not be published.