Breaking

বাক্সাত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন

0 2,088

বিগত লোকসভা নিৰ্বাচনত বাক্সা জিলাত ৮০ শতাংশ ভোটদান হৈছিল, এইবাৰ বিধানসভা নিৰ্বাচনত ৮৫ শতাংশলৈ ভোটদান হ’ব বুলি আমি আশা কৰিছো। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি ভোটদাতা সকলক প্ৰণালীবদ্ধ শিক্ষাদান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰস্তুত কৰা এটা থিম ছং আৰু বিশেষভাৱে সুসজ্জিত এখন প্ৰচাৰ বাহন মুকলি কৰি বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই এইদৰে কয়। নতুন ভোটাৰ, বয়োজ্যষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোক সকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লগতে আকৰ্ষিত কৰিবৰ বাবে বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কন্ঠশিল্পী নৱীন বড়োৱে সজাগতা অভিযানৰ বাবে প্ৰস্তুত কৰা গীতটিত কন্ঠদান কৰাৰ লগতে বড়ো চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী হেলীনা দৈমাৰীয়ে এইবাৰৰ বিধান সভা নিৰ্বাচনত স্বইচ্ছাই বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ হিচাপে এই সজাগতা অভিযানত অংশগ্ৰহণ কৰা বুলি উপায়ুক্তই কয়। বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা, বাস্কা ৰাজহ চক্ৰৰ বিষয়াদ্বয় নিলোৎপল পাঠক আৰু মনোজ দলে, জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠককে ধৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী তথা ৰাইজৰ উপস্থিতিত সুসজ্জিত প্ৰচাৰ বাহনখন মুকলি কৰি উপায়ুক্ত শৰ্মাই ভোটদানৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ চৰকাৰ গঠনত জনসাধাৰণৰ সহযোগিতা কামনা কৰে। উল্লেখ্য যে, নিৰ্বাচনৰ বাবে সজাগতামূলক কাৰ্যসূচীৰ বাবে বাক্সা জিলাৰ তিনিটা সমষ্টি ক্ৰমে তামুলপুৰ, বৰমা আৰু চাপাগুৰিত চাইকেল ৰেলী, কুইজ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠানৰ সৈতে এটি শুভংকৰ (মেস্ক’ট) জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা মুকলি কৰা হ’ব।

Leave A Reply

Your email address will not be published.