Breaking

জাতীয় সংগঠনৰ নেতাৰ ভণ্ড স্বৰূপ উদঙাই শাসকদলত যোগদান কৰিলে এ জে পিৰ কেন্দ্ৰীয় সম্পাদক সুবীৰ মেচে

0 2,064

অসমৰ একাংশ জাতীয় – জনগোষ্ঠীয় সংগঠনৰ কোনো কোনো নেতাৰ ভণ্ডামী স্বৰূপ সৰ্বজন বিদিত । যি কোনো প্ৰকাৰে সংগঠনৰ শীৰ্ষ পদ গ্ৰহণ কৰি বিভিন্ন উৎসৰ পৰা অবাধ ধন সংগ্ৰহ কৰি নিজৰ স্বাৰ্থ সিদ্ধ কৰা এই সকল নেতাই জাতীয় সংগঠনক নেৰ্তৃত্ব দি দূৰ্নীতি , ছিণ্ডিকেট , অপশাসন আদিৰ বিৰুদ্ধে টেটু ফালি চিঞৰি নিজকে জাতীয়তাবাদী নেতাৰ শাৰীত নিয়াৰ প্ৰয়াসৰ পিছতে তেনে নেতাৰ কাৰ্যবোৰ যে প্ৰকৃততে এক ভণ্ডামীহে সেয়া প্ৰতিপন্ন হৈ আহিছে । শেহতীয়াকৈ এনে এজন নেতাৰ কাণ্ড ই সেই কথা সত্যতা নিৰূপণ কৰিলে । এটা জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদত থাকি নাগৰিকত্ব সংশোধনী আইন – ২০১৯ ৰ বিৰোধী আন্দোলনকে ধৰি অসমীয়া জাতি – জনগোষ্ঠীক প্ৰতাৰণা – প্ৰৱঞ্চনা – জাতিধ্বংসী কাৰ্যৰ লগতে অবাধ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পৰৱৰ্তী সময়ত নৱগঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদকৰ পদ দখল কৰি বিধায়ক তথা মন্ত্ৰী হোৱাৰ সপোন  বিফল হোৱাত এ জে পি ত্যাগ কৰি অৱশেষত সেই জাতিধ্বংসী ” কা ” অনা আৰু অবাধ ছিণ্ডিকেটৰ নায়ক বুলি তাতফাল কৰি অহা সকলৰ ওচৰতে শৰণাপন্ন হ’ল নাজিৰাৰ এসময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতা সুবীৰ মেচ । যোৱা কালি নাজিৰা নগৰ খেল পথাৰত শাসকীয় দলৰ  এখন নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিক ভাৱে বি জে পিত যোগদান কৰাৰ পিছত  সংবাদসেৱীৰ আগত ” ছিণ্ডিকেট কোন নেতাই  নকৰে , মিছা কথাৰে জনগণক ভোলাব পৰাজনেই আচন নেতা , অসম তথা ভাৰতত এনে নাটক কৰিয়েই নেতা জনপ্ৰিয় হৈ প্ৰতিষ্ঠা লাভ কৰে ‘ এই বুলি কৌতুহল মন্তব্য প্ৰকাশ কৰে ন বি জে পি সুবীৰ মেচে । নিৰ্বাচনী প্ৰচাৰ সভাখনত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সুবীৰ মেচক গামোচা পিন্ধাই বি জে পি দললৈ আদৰণি জনায় । 

Leave A Reply

Your email address will not be published.