Breaking

যোগীপাৰা বালিঝাৰ সংযোগী পথৰ দুৰৱস্থা , বিধস্ত পথত যাতায়তৰ নামত হাৰাশাস্তি : গুৰুত্ব নাই বিভাগৰ

0 2,195

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত যোগীপাৰা বালিঝাৰ সংযোগী গুৰুত্বপুৰ্ন পথটি দীৰ্ঘদিনৰ পৰা বিধস্ত হৈ পৰাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বিধস্ত হৈ পৰা পথটিৰে ৰাইজে যাতায়তৰ নামত খাৱলগীয়া হৈছে জ্বলাকলা ৷ জানিব পৰা মতে গ্ৰাম্য গড়কাপ্তানী বিভাগৰ অতিকৈ ব্যস্ত পথটিৰে বকো হৈ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানলৈ যাৱ পৰা সুবিধা আছে ৷ কিন্ত বিধস্ত হৈ পৰা পথটিৰ বাবেই লক্ষাধিক ৰাইজে বৰ্হি জগতৰ লগত প্ৰায় বিচিন্ন হোৱাৰ পথত ৷ আভিযোগ অনুসৰি যোগীপাৰাৰ পৰা বালিঝাৰলৈ প্ৰায় ৮কিলোমিটাৰ দৈৰ্ঘৰ পথটি প্ৰায় ১৩ বছৰ পুৰ্বে কৰা হৈছিল পকীকৰন ৷ কিন্ত পকীপথটি ক্ৰমান্বয়ে ঠায়ে ঠায়ে খলাবমা হৈ পৰাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যাৰ বাবে সাধাৰন এজাক বৰষুন হলেই পথটিত পানী জমা হৈ যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মায় ৷ তদুপৰি পথটিত থকা কেবাটাও পকী দলঙৰ অবস্থাও হৈ পৰিছে দুৰ্বল ৷দলঙ সমুহৰ দুয়োকাষে ফাট মেলাত তেনেই দুৰ্বল হৈ পৰিছে ইয়াৰ বহন ক্ষমতা সমুহ ৷ জানিব পৰা মতে গুৰুত্বপূৰ্ণ পথটিৰে বিভিন্ন স্থৰৰ ৰাইজৰ লগতে চলাচল কৰে শ শ সৰুবৰ যানবাহন ৷ জানিব পৰা মতে বৃহত্তৰ দেশী জনগোষ্টীয় অধ্যষিত অঞ্চলটোৰ একমাত্ৰ পথটিৰ এনে জৰাজীৰ্ন অৱস্তাৰ বিষয়ে স্থানীয় প্ৰাক্তন বিধায়িকা নন্দিতা দাসক অৱগত কৰাৰ পিছতো কোন ধৰনৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গ্ৰাম্য পথটিৰ এনে দুৰৱস্থা থাকিলে সম্প্ৰতি অচিৰেই ৰাইজৰ যাতায়ত ব্যৱস্তা বন্ধ হৈ পৰিব সেয়া অনুমেয় ৷ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰেই পথটি মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা  সুচল কৰিবলৈ দাবী জনাইছে ৷

Leave A Reply

Your email address will not be published.