Breaking

মাজুলীত কংগ্ৰেছৰ প্ৰচাৰ সভাৰ দিনাই কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

0 2,070

বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে-লগে ৯৯ নং মাজুলী বিধান সভা (এচ টি) সমষ্টিত ৰাজনৈতিক দল সমূহে গাঁৱে-ভূঞে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ উল্লেখ যে এইবাৰ সমষ্টিটোৰ পৰা মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ৷  পূৰ্বৰ তুলনাত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত কৰিবলৈ ইতিমধ্যে সমষ্টিৰ তিনিও দলৰ নেতা-কৰ্মীৰ লগতে বিজেপি দলৰ মুখপাত্ৰ সুভাষ দত্ত , ড° প্ৰকাশ কাশ্যপ , ভূৱন গাম আদিয়ে প্ৰচাৰ জোৰদাৰ গতিত চলাইছে ৷ যোৱা ১৮ মাৰ্চত ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পিছতে আজি কংগ্ৰেছ দলৰ প্ৰতি মোহভঙ্গ হৈ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ত নিত্যা বৰুৱা সহ অৰ্দ্ধশতাধিক কৰ্মীয়ে গেৰুৱা বসন পিন্ধে ৷ যোগদান কৰি বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মাজুলীৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ প্ৰতি আস্থা ব্যক্ত কৰাৰ কথা প্ৰকাশ কৰে ৷ ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বাঘেলে ভাষণ প্ৰদান কৰি থকা সময়ত কেইছেকেণ্ডমান অনুভাষ যন্ত্ৰৰ বিজুতিৰ বাবে ক্ষন্তেক ৰ’ব লগীয়া হৈছিল ৷ উক্ত সময়ছোৱাত চক্ৰান্ত কৰি বিজেপিয়ে বিদ্যুত কৰ্তন কৰা বুলি অভিযোগ অনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ড°কাশ্যপে এইয়া কংগ্ৰেছৰ নিকৃষ্ট মানসিকতা ৷ তেওঁ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মাজুলীত দ্ৰুত উন্নয়ন হোৱা বুলি কৈ কংগ্ৰেছে উন্নয়ন হোৱা নাই বুলি কোৱাটো পৰিতাপৰ কথা ৷ যিগৰাকী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আৰু একালৰ মন্ত্ৰী ৰাজীৱ লোচন পেগুক প্ৰত্যাহ্বান জনায় কয় তেওঁৰ কাৰ্যকালত নিজৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ কৰিব নোৱাৰিলে , নিজৰ ওচৰতে থকা চিকিৎসালয়ৰ উন্নয়ন কৰিব নোৱাৰিলে , এথেনিক ভিলেজৰ নিৰ্মাণৰ নামত লাখ-লাখ টকা হৰলুকি কৰাৰ সুবিধা দি নিৰ্মাণ কাৰ্য আধৰুৱা কৰিলে , ঘৰৰ ওচৰতে হোৱা খেৰকতীয়াৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰিলে ৷ যিবোৰ কাম এতিয়া বিজেপি চৰকাৰে কৰিব লগীয়া হ’ল ৷ এতিয়া নিৰ্বাচনত হাৰিম বুলি জানিব পাৰি কংগ্ৰেছে আবোলতাবোল কৈছে বুলি কয় ৷ তেওঁ কয় যে মাজুলীৰ ৰাইজে উন্নয়ন প্ৰত্যেক্ষ কৰিছে আৰু উন্নয়নৰ স্বাৰ্থতে এতিয়া কংগ্ৰেছত খহনীয়া হোৱা বুলি উল্লেখ কৰে ৷ যোগদান কৰা সকলক দললৈ আদৰণি জনায় দলীয় গামোচা পিন্ধাই প্ৰাক্তন সভাপতি দীপক গোস্বামীয়ে সকলোকে নিস্বাৰ্থ ভাৱে দলক শক্তিশালী কৰিবলৈ আহবান জনায় ৷ জিলা সম্পাদক দেৱব্ৰত দত্তই মাজুলীবাসীক মিছা কথাৰে কেতিয়াও প্ৰলোভিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি ২৭ মাৰ্চত কংগ্ৰেছক যোগ্য উত্তৰ দিব বুলি কয় ৷ ১৮ মাৰ্চত গড়মূৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে মাজুলীৰ উন্নয়ন হোৱা নাই বুলি আস্ফালন কৰি থকা সময়তে মাজুলীৰ প্ৰবীন কংগ্ৰেছী নেতা প্ৰয়াত চাৰু চন্দ্ৰ কাকতিৰ দুই বোৱাৰী , পুত্ৰ , নাতি সহ ছয় গৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান ক”ৰে ৷ তেওঁলোক হ’ল -ৰূপা কাকতি , অভিজিত কাকতি , ৰবীন কাকতি , ৰূপামণি কাকতি আৰু পৰিয়ালটোত সৰুৰ পৰাই থকা জুটালা মাহাতু আৰু ৰিতুমণি মাহাটু ৷ ইফালে উক্ত দিনাই দক্ষিণপাটত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় ফিটা কাটি উদ্ধোধন কৰে প্ৰাক্তন জিলা বিজেপিৰ সভাপতি দীপক গোস্বামীয়ে ৷ অনুষ্ঠানত দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত কংগ্ৰেছ দলৰ ২০ গৰাকী কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷ 

Leave A Reply

Your email address will not be published.