Breaking

মাজুলী জিলা কবি সন্মিলনৰ অধিৱেশন সম্পন্ন

0 2,050

মাজুলী জিলা কবি সন্মিলনৰ ২০১৮-২০২১ বৰ্ষৰ অধিৱেশন আজি সম্পন্ন হয়। সেই মৰ্মে আজি বিয়লি ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত পুৰণা সমিতিয়ে পদত্যাগ কৰাৰ পিছত ২০২১-২০২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক ৰামসাগৰ নাথক সভাপতি, ইন্দুলেখা হাজৰিকা আৰু সুৰেন বৰাক উপ-সভাপতি, যুৱ কবি, সাংবাদিক পাপু বৰাক সম্পাদক, শ্যামন্ত পায়েং আৰু পম্পী হাজৰিকাক সহকাৰী সম্পাদক, উপেন চিন্তেক সাংগঠনিক সম্পাদক,  কেশৱ কাকতিক প্ৰচাৰ সম্পাদক, লক্ষীপ্ৰসাদ ৰেগনক কোষাধ্যক্ষ, কৃষ্ণা মেধিক পত্ৰিকা সম্পাদক আৰু প্ৰবিত্ৰ হাজৰিকা, শংকৰ ৰেগন, ত্ৰিবেণী পায়েং, ৰোহিত কলিতাকে আদি কৰি সমগ্ৰ মাজুলীক সামৰি ১৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, সমিতিখনৰ কেইবাটাও বিষয়-বাব নতুন সমিতিত পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.