Breaking

নলবাৰীৰ নোনাৰ পাৰত গঢ়ি উঠিছে চুপাৰি উদ্যোগ: পাঁচখন জিলাত বৃহৎ বজাৰ বহুৱাইছে নুৰুল ইছলামে

0 2,084

স্বাধীনোত্তৰ কালৰে পৰা নলবাৰী জিলাৰ বৰাজোল অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাস্তাঘাটৰ কোনো উন্নয়ন দেখা নগ’ল। অতি ঘন জনবসতিপূৰ্ণ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়তহে দেখা কৰে। প্ৰতিশ্ৰুতিৰ বন্যাৰে ডিঙি ফুলাই ভাষণ দি আভুৱা ভাৰি অহা জনপ্ৰতিনিধি তথা বিগত সময়ৰ কোনো এখন চৰকাৰে দুখীয়া লোক সকলৰ বিষয়ে অকনো চিন্তা নকৰিলে। এনে এক জটিল পৰিস্থিতিৰ মাজতে বহু লোকে নিজৰ সম্বল তথা পচন্দ অনুসৰি ব্যৱসায় চলাই নিজ পৰিয়ালৰ লগতে আন দহজনক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে নলবাৰী জিলাৰ সীমান্তৱৰ্তী নোনা অঞ্চলত এজন লোকে চুপাৰি উৎপাদন কাৰ্যৰে ৰাজ্যৰ পাঁচখন জিলাত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰাজোল চ’কৰ পৰা সেই ঠাইলৈ যাব লাগে অতি দুৰ্গম পথেৰে। বাঁহৰ মাত্ৰ এখন দলং। উল্লেখযোগ্য যে এই নোনা নদীয়ে সেই অঞ্চলত কামৰূপ আৰু নলবাৰী জিলা দুভাগ কৰিছে। নোনাৰ ইপাৰে সুহুৰি মাৰিলেই সিপাৰে শুনে কামৰূপ ৰঙিয়াৰ মানুহে। এই নোনা নদীৰ মথাউৰিৰ কাষৰ পূব চুবাৰ নুৰুল ইছলাম নামৰ লোকজনে নিজ কৰ্মদক্ষতাৰে বৃহৎ ব্যৱসায় চলাই আছে। ইছলামে জানিবলৈ দিয়া মতে- বিভিন্ন ব্যৱসায়ীৰ পৰা তেওঁ কেঁচা তামোল সংগ্ৰহ কৰে। বিভিন্ন গাঁৱৰ ব্যৱসায়ীয়ে নুৰুল ইছলামক তামোলৰ যোগান ধৰি আহিছে । এই তামোল এতিয়া প্ৰতি কিলোত তেওঁ ক্ৰয় কৰে ৪০ থকাকৈ। ক্ষুদ্ৰ ব্যৱসায়ীজনে চুপাৰি উৎপাদন কৰা প্ৰক্ৰিয়া অতি সহজ। তামোলবোৰৰ বাকলি এৰুৱাই ডাঙৰ কেৰাহীত বহু সময় সিজায়। ফলত কেৰাহীৰ পানী ডাঠ ৰঙৰ হৈ পৰে। সিদ্ধ প্ৰক্ৰিয়াৰ পিছত যি ৰঙীন পানী ৰৈ যায় সেই পানী ৰং হিচাপে বিক্ৰী হয়। ইয়াক কাপোৰৰ সূতা ৰং কৰা মানুহে ইছলামৰ পৰা লিটাৰ হিচাপত কিনি নিয়ে। কেৰাহীৰ পৰা তামোলসমূহ উলিয়াই সেইবোৰ মথাউৰিৰ কাষত ৰ’দত শুকুৱাবলৈ দিয়া হয়। একেবাৰে শুকোৱাৰ পিছত এইবোৰ চিকনি-চুপাৰি হিচাপে বিক্ৰী হয়। এই চুপাৰি বিভিন্ন গুটখা কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীত ব্যৱহাৰ কৰে বুলি ইছলামে জানিব দিছে। ইয়াৰে পৰিষ্কাৰ চুপাৰিসমূহ মিঠা,জৰ্দা পাণত ব্যৱহাৰ কৰে ব্যৱসায়ীসকলে। উল্লেখযোগ্য যে তামোলৰ বাকলিসমূহ ৰ’দত শুকুৱাই উক্ত চুপাৰি উৎপাদন কাৰ্যৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বেছি প্ৰয়োজনতহে অন্য খৰি ব্যৱহাৰ কৰে এই ক্ষুদ্ৰ উদ্যোগীজনে। নুৰুলে এনেদৰে উৎপাদন কৰি বহু কুইণ্টল চুপাৰি বৰাজোল চ’কলৈ চাইকেলত আনি পিছত গাড়ীত ৰঙিয়াৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীৰ তালৈ নিয়ে। ইয়াৰ পৰা গোৰেশ্বৰ, হাউলি, টংলা, গুৱাহাটী আদি ঠাইলৈ বিক্ৰীৰ বাবে পঠোৱা হয়। মহানগৰীৰ খানাপাৰা, বেলতলাত নুৰুল ইছলামে স্থায়ী চুপাৰি ব্যৱসায়ীৰ সৈতে বজাই ৰাখিছে বৃহৎ ব্যৱসায়িক সম্পৰ্ক। পত্নী আৰু নিজৰ দুগৰাকী কন্যায়ো তেওঁক এই ব্যৱসায়ত সহায় কৰি আহিছে। সম্প্ৰতি নুৰুল নৱ প্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ থিয় দিছে সততা আৰু তেওঁৰ দুহাতৰ কৰ্মৰ বাবে।।

Leave A Reply

Your email address will not be published.