Breaking

অসমত বৰ্তমানলৈকে লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই : মুখ্যমন্ত্ৰী সোণোৱাল

0 2,023

কৰ’না ভাইৰাছৰ দ্বিতীয়টো লহৰে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে মধ্য অসমৰ তিনিখন জিলা ক্ৰমে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড  পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নগাঁৱত উপস্থিত হয় । কোভিড পৰিস্থিতিৰ সম্পৰ্কত তিনিওখন জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে নগাঁৱৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৈঠকত  মিলিত হয়। উক্ত বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় : নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড পৰিস্থিতি বুজ লোৱাৰ লগতে আজি তিনিওখন জিলাৰ প্ৰশাসনৰ সৈতে আলোচনা কৰা হয়। সম্প্ৰতি এই তিনিওখন জিলাৰ কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন। আনহাতে জিলা তিনিখনত কোভিড পৰিস্থিতি মোকাবিলা কৰাৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৱলী , অক্সিজেনৰ ব্যৱস্থা, আইশ্বলেশ্বন বিছনা,আই চি ইউৰ ব্যৱস্থা সন্দৰ্ভতো জিলা প্ৰশাসন আৰু স্বাস্হ্য বিভাগৰ বিষয়া বৰ্গৰে আলোচনা কৰি  তিনিওখন জিলাতে  বৰ্ত্তমান এই সকলোবোৰ পৰ্যাপ্ত থকা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় : সম্প্ৰতি তিনিওখন জিলাত মাত্ৰ ৫০ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে নগাঁও জিলাত ২২ গৰাকী, হোজাই জিলাত ২৪ গৰাকী আৰু মৰিগাঁও জিলাত মাত্ৰ ৪ গৰাকী কোভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত পুনৰ লকডাউন হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে  কয় : এতিয়ালৈকে অসমত লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু ৰাইজে সেই পৰিস্থিতিলৈ নিবও নালাগে। চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিলে লকডাউনৰ উদ্ভৱ নহয়। আমাৰ দৃঢ় বিশ্বাস যে যোৱা বছৰৰ দৰে ৰাইজে শৃংখলাবদ্ধতাৰে নীতি নিৰ্দেশনা মানি মুখত মাস্ক পৰিধান কৰি, সঘনাই হাত ধুই আৰু শাৰীৰিক দুৰত্ব অক্ষুণ্ণ ৰাখিলে এই কোভিড-১৯ৰ যুঁজখনত পুনৰ বাৰ জয়ী হ’ব পাৰিম বুলি আন্তৰিকতাৰে বিশ্বাস ৰাখিছো। উল্লেখ্য, মুখ্যমন্ত্ৰী গৰাকীৰ লগতে  জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্হ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা,বিধায়ক ৰূপক শৰ্মা উক্ত বৈঠকত উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.