Breaking

বয়োজ্যেষ্ঠ জনক সান্নিধ্যৰে ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

0 2,019

বাৰ্ধক্য আৰু শাৰিৰীক অসুস্থতাজনিত কাৰণত গৃহবন্দী হৈ একাকীত্বৰে দিন পাৰ কৰা লোকক কিছুসময়ৰ সৰব সান্নিধ্যৰে সাহচাৰ্য দিবৰ প্ৰচেষ্টাৰে মহানগৰীৰ হাতীগাঁও বিকাশ মঞ্চ নামৰ অনুষ্ঠানটোৱে এইবেলি বিহুৰ সময়ত এক বিশেষ উদ্যোগ হাতত লয়। হাতীগাঁও বিকাশ মঞ্চৰ বিষয়ববীয়া সকল এনে লোকৰ ঘৰত উপস্হিত হৈ আনুষ্ঠানিক ভাবে বিহুৰ ওলগ জনোৱাৰ লগতে এনে লোক সকলে বিচৰা ধৰণে তেওঁলোকৰ সতে সময় অতিবাহিত কৰে। হাতীগাঁও বিকাশ মঞ্চই প্ৰথম প্ৰয়াস হিচাপে এইবাৰৰ বিহুত সামাজিকভাবে সক্ৰিয় বৃহত্তৰ হাতীগাঁও অঞ্চলৰ আলহাজ চিদ্দিক ৰহমান,তাহিৰুল ইছলাম, চৈয়দ মুহিবুল্লা, সুভাষ নাথ, হেম শৰ্মা, চৈয়দা নুৰজাহান, হীৰকবালা ডেকা আৰু সৰোজিনী দেৱীক তেওঁলোকৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় আৰু তেওঁলোকে বিচৰা পৰিমানৰ সময় তেওঁলোকৰ সতে কটাই। হাতীগাঁও বিকাশ মঞ্চৰ হৈ এই অনুষ্ঠানত ধ্ৰৱজ্যোতি দাস, বাবুল আহমেদ, পবেন্দ্ৰনাথ ভট্টাচাৰ্য, মফিজুৰ ৰহমান আৰু সুভাষ শৰ্মাই অংশগ্ৰহণ কৰে। ২০০৬ চনত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে সময়ে সময়ে চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা দুৰ্গত জনক চিকিৎসা সাহায্য আগবঢ়োৱাকে ধৰি বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম কৰি আহিছে।

Leave A Reply

Your email address will not be published.