Breaking

ডিব্ৰুগড়ত এক জঘণ্য কাণ্ড: নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে।

0 2,032

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দীচুকৰ জৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অঞ্চলটোৰ আফজল আনচাৰী নামৰ লোকনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা কৰে। ১৩ মাৰ্চতে সংঘটিত হোৱা ঘটনাৰ পিছতে ২০ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু নাবালিকাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আফজল আনচাৰীক। সাংবাদিকে গাভৰুপথাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে। আনহাতে আফজল আনচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে জনাইছে দাবী।

Leave A Reply

Your email address will not be published.