Breaking

ভূমিকম্পতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ মহিলাৰ

0 53

কৰোনা মহামাৰীৰ সংহাৰৰ মাজতেই বুধবাৰে পূৱা ভাগত অহা বৰ ভূইঁকপে সমগ্ৰ ৰাজ্যজুৰি বিস্তৰ ক্ষতিসাধন কৰা লগতে শংকিত কৰি তোলে ৰাজ্যবাসীক।সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানতো ভূপিকম্প‌ই যথেষ্ট ক্ষতি সাধন কৰে।ইপিনে এই
ভূমিকম্পতে প্ৰাণ গল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ এগৰাকী মহিলাৰ।নগাঁও জিলাৰ বেবজীয়া অঞ্চলৰ নিহত মহিলা গৰাকীৰ নাম লাবন্য শ‌ইকীয়া বৈশ্য(৫৫)।
পূৱা অহা ভূমিকম্পৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ মহিলাগৰাকীৰ পৰিয়ালৰ।উল্লেখযোগ্য যে ভূমিকম্পৰ সময়ত মহিলাগৰাকী শোৱাপাটীত আছিল।ভূমিকম্পৰ সময়ত মহিলাগৰাকী বাহিৰলৈ ওলাই নহাত পৰিয়ালৰ লোকে মাত দিয়াত মৃত অৱস্হাত উদ্ধাৰ কৰে।মৃত্যুৰ সময়ত মহিলাগৰাকীৰ মুখেদি ফেন ওলাই আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।উল্লেখ্য মহিলাগৰাকী ডায়েবেটিচ ৰোগত আক্ৰান্ত আছিল।সৰবৰহী মহিলা গৰাকীৰ অকাল মৃত্যুয়ে সমগ্র বেবজীয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Leave A Reply

Your email address will not be published.