Breaking

হোজাইত নাবালিকাক যৌন নিৰ্যাতন চলাই অন্ত:সত্বা কৰা ইমৰাণ হুছেইনক গ্ৰেপ্তাৰ।

0 372

হোজাই ভীমআলিত গ্ৰেপ্তাৰ কৰা হৈছে ইমৰাণ হুছেইন ওৰফে দাদুলক৷ নিশা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাদুলক৷ দাদুলে হোজাই ভীমৰআলিৰ এগৰাকী ১৩ বছৰীয়া নাবালিকাক দীৰ্ঘদিন ধৰি ফুচলাই যৌন নিৰ্যাতন চলাই আহিছিল৷ যাৰ বাবে নাবালিকাগৰাকী অন্ত:সত্বা হৈ কেইদিনমান পূৰ্বে এটি সন্তান জন্ম দিয়ে৷ জন্মৰ কিছু সময় পাছতে মৃত্যু হয় সন্তানটিৰ৷ এই ঘটনাৰ পাছত দাদুলৰ বিৰুদ্ধে হোজাই থানাত 243/21 নং গোচৰ ৰুজু হয়৷ ইফালে এই গোচৰৰ খবৰ লাভ কৰি দাদুল পলায়ন কৰে যদিও যোৱা নিশা দাদুলক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দাদুলক হোজাই আৰক্ষীয়ে সোধ-পোছ চলাই আছে৷

Leave A Reply

Your email address will not be published.