আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন,কান্ধত কোৰ লৈ পুৱাই পথাৰলৈ ওলাই যোৱা কাকজানৰ এগৰাকী যুৱতী

কালৰূপী কোৰোণাই দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক ক্ষীপ্ৰতাৰে ঊৰ্ধ্বগামী হৈছে কোভিড-১৯ সংক্ৰমণৰ সংখ্যা। এনে জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো কোনো ৰাজ্যই পুনৰ লকডাউন ঘোষণা কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও কোভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ স্থিতি হাতত ল’বলৈ বাধ্য হৈছে। এনে পৰিৱেশ আৰু পৰিস্থিতিত দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিতো বাৰুকৈয়ে প্ৰভাৱ পৰিছে। যোৱা বছৰৰ লকডাউনে থৰক-বৰক কৰি থৈ যোৱা ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি কিঞ্চিত থৰ হৈছিল যদিও শেহতীয়াকৈ আকৌ একেই পৰিৱেশ আহি পৰিছে। তেনে সময়তে পূব যোৰহাটৰ এগৰাকী যুৱতীয়ে নিজৰ প্ৰচণ্ড কৰ্মশক্তিৰ বলত আন দহজনৰ বাবে অনুকৰণীয় হৈ পৰিছে।যোৰহাট জিলাৰ হোলোঙাপাৰৰ ৰুণজুণ গগৈ নামৰ শিক্ষিত যুৱতীগৰাকীয়ে ‘আমাৰ পথাৰ, আমাৰ বজাৰ’ কেৱল মাথোঁ শ্লোগানতেই আৱদ্ধ নাৰাখি সেয়া কৰি দেখুৱাইছে। পুৱাই কান্ধত কোৰখন লৈ ওলাই যোৱা ৰুণজুণে চৰকাৰী অথবা বেচৰকাৰী একোটা চাকৰিৰ পিছত দৌৰি নাথাকি পিতৃৰ পথাৰখন সেউজীয়া কৰাত ব্যস্ত হৈ পৰিছে।সম্প্ৰতি ৰুণজুণে বাণিজ্যিক ভিত্তিত কৰা ষ্ট্ৰবেৰী খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাই নহয়, এখন বজাৰ তৈয়াৰ কৰাতো নামি পৰিছে। কেৱল সিমানেই নহয় ,পুৱাৰ পৰা গধুলিলৈকে কৃষি পথাৰখনতে ব্যস্ত থকা ৰুণজুণে প্ৰতিটো ঋতুকালীন কৃষিতেই নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হৈ পৰিছে।স্বাভাৱিকতে মহিলা হৈয়ো কোনোদিনে থমকি নোৰোৱা ৰুণজুণে নিজৰ কাম–কাজ সন্দৰ্ভত অৱগত কৰা অনুসৰি, এটি কৃষক পৰিয়ালৰ জীয়ৰী হিচাপে সৰুৰে পৰাই কৃষিৰ প্ৰতি ধাউতি আছে। আৰু কৃষিকৰ্মৰ জৰিয়তে কিবা এটি কৰাৰ সপোন আছে আছে তেওঁৰ।

Related Articles