Breaking

বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত এজন চিকিৎসালয়ৰ কৰ্মচাৰী।

0 2,050

 বিশ্বনাথ চাৰিআলি নগৰত শুক্ৰবাৰে নিশা এঘাৰ মান বজাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত হল বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মী। উল্লেখ্য যে নিশা এঘাৰমান বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱজিত টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মী জনে স্কুটি লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নাইট ডিউটি কৰিবলৈ আহি থকা অৱস্থাত নগৰ খনৰ পুলিচ পইন্ট অতিক্ৰম কৰাৰ মূহুৰ্ততে লক্ষীমপুৰ অভিমুখৰ পৰা আহি থকা As 01 EC-3103 নম্বৰৰ নাইট ছুপাৰ খনে মহতিয়াই নিয়ে স্কুটি আৰোহী তথা দেৱজিত তেৰাংক। লগে লগে স্কুটি আৰোহী দেৱজিৎ তেৰাং নাইট ছুপাৰৰ তলত সোমাই যায় আৰু নাইট ছুপাৰখনে স্কুটি আৰোহী জনক বছাবলৈ চেষ্টা কৰি পুলিচ পইন্টৰ চিগনেল দিয়া খুটা এটা ভঙাৰ লগতে এটা বৈদুতিক খুটাও ভাঙি পেলাই নাইট ছুপাৰখনে। লগ লগে বিশ্বনাথৰ জনপ্ৰিয় কন্ঠ শিল্পী মানস ভাগৱতী,বিপ্লব পাল,পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্হিত  হৈ  দুৰ্ঘটনাগ্ৰস্থ স্কুটি আৰোহী গৰাকীক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি 108 সেৱা মাতি দুৰ্ঘটনাগ্ৰস্থ লোক জনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে। পিছত আৰক্ষীয়ে উক্ত স্থানত উপস্হিত হৈ মানস ভাগৱতী আৰু অন্যান্য সচেতন লোক সকলৰ সহায়ত দুৰ্ঘটনা সংঘটিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আতৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুৰ্ঘটনা গ্ৰস্থ লোকজন চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱতি লয়।

Leave A Reply

Your email address will not be published.