নিৰ্বাচনৰ আগতে টীয়ক বাসীক দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে নতুন মুখ্যমন্ত্ৰীয়ে

অৱশেষত বহু জল্পনা কল্পনাৰ মূৰত ৰাজ্যবাসীয়ে এজন  দক্ষতা সম্পন্ন নেতাক মুখ্যমন্ত্ৰী হিচাবে লাভ কৰিলে । সদ্য প্ৰাক্তন জননেতা সৰ্বানন্দ সোনোৱালে নিকা ভাৱ মূৰ্তিয়ে যেনেদৰে অসমৰ জনতাৰ হৃদয় জয় কৰিব পাৰিছিল ঠিক তেনেদৰে ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাইজৰ মৰম আৰু পত্যাশা পূৰণ কৰিব পাৰিব বুলি ৰাইজ আশাবাদী ।টীয়ক সমষ্টি বাসীয়েও অধিৰ আগ্ৰহেৰে বাট চাইছে সেইজন হিমন্ত বিশ্ব শৰ্মালৈ যি জনে যোৱা ২৩ মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ কাকজানৰ একবিশাল  নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক কেইবাটাও গুৰুত্বপূৰ্ণ  প্ৰতিশ্ৰুতি দিছিল । অসম চৰকাৰৰ  বিগত কাৰ্যকালৰ উন্নয়নৰ এক চমু খতিয়ান ডাঙি ধৰি সেই সময়ৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰ পুনৰ ক্ষমতা লৈ আহিলে ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰ কলাক্ষেত্ৰলৈ উন্নীত কৰাৰ লগতে ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়ামলৈ পাঁচ কোটি টকা আৰু টীয়ক এফ আৰ ইউ ১০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা ,  জাঁজীমুখৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা হব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছিল ।ইয়াৰ উপৰিও  যি সকল মহিলাই মাইক’ফাইনেন্সৰ ঋণ পৰিশোধ কৰি আছে তেওঁলোকক ঋণ মুক্ত কৰি দিয়াৰ লগতে  দুখীয়া মহিলা আত্মসহায়ক গোটলৈ এক লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰাৰো আশ্বাস প্ৰদান কৰিছিল । অৱশ্যে তেওঁ টীয়কত স্বয়ম আঁচনিত হোৱা কেলেংকাৰীৰ কথা স্বীকাৰ কৰি কয় যে টীয়কত কোনোৱে পালে কোনোৱে নাপালে  সেইবাবে অহাবাৰ আমি এজিপি বিজেপিৰ কৰ্মকর্তাক লৈ এখনি কমিটি গঠন কৰি দিয়া হব। যাতে সকলো দুখীয়া মহিলাই লাভ কৰে । এই আশ্বাসৰ প্ৰতি সঁহাৰি জনাই টীয়কৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাক জয়যুক্ত কৰি পুনৰবাৰ বিধানসভালৈ পঠালে। বিধায়িকা গৰাকীয়েও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বিচাৰি দলৰ সভাপতি অতুল বৰালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইবাবে টীয়ক সমষ্টিবাসী এতিয়া গভীৰ প্ৰত্যাশাৰে বাট চাইছে কেনেদৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰে নতুন মুখ্যমন্ত্ৰীয়ে । সমষ্টিবাসীয়ে নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উষ্ণ অভিনন্দন জ্ঞাপন কৰিছে ।

Related Articles