নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত সাতচৈ গ্ৰান্ট বৰচাপৰিত পৰহি বিয়লি পিতৃ আৰু কন্যাৰ অৰ্দ্ধগলিত মৃতদেহৰ উদ্ধাৰৰ এক কৰুণ আৰু বিভৎস ঘটনাই সমগ্ৰ নাজিৰা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কালি গধূলি ঘটনাৰ বিষয়ে নাজিৰা আদৰ্শ আৰক্ষী থানা অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয় । ঘটনাৰ বিৱৰণি মতে বিহাৰী বাক্তি (৫১) নামৰ লোকজনে বৰফুকন গাঁঁও পঞ্চায়তৰ সাতচৈ গ্ৰান্ট বৰচাপৰি এলেকাত নিজে এডোখৰ মাটি বাচি লৈ এটি নৰাৰ জুপুৰী সাজি লৈ কন্যাৰ সৈতে বসবাস কৰি আহিছিল আৰু জীৱিকা হিচাপে অনিয়মীয়াকৈ হাজিৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল । সততে স্থানীয় লোকৰ সৈতে সংস্পৰ্শ নাৰাখি দূৰে দূৰে কাম কৰি ফুৰা লোকজনৰ কন্যা দেৱান্তী বাক্তি (১৪)য়েও এনেদৰে কিবা-কিবি কামত ঘূৰি ফুৰিছিল । পৰহি বিয়লি স্থানীয় লোকে হঠাৎ বিহাৰী বাক্তি আৰু দেৱান্তী বাক্তিৰ বাসগৃহটোৰ পৰা বিভৎস গোন্ধ ভাঁহি অহাৰ লগতে জুপুৰীটোৰ দুৱাৰত অজস্ৰ মাখিৰ সমাহাৰ দেখি সন্দেহত নাজিৰা আৰক্ষীক অৱগত কৰে । আত্মহত্যা বুলি সন্দেহ কৰা হোৱা ঘটনাত পিতৃৰ ওলমি থকা, মৃতদেহৰ কাষতে ১৪ বছৰীয়া কন্যাৰ মৃতদেহটো পৰি ৰৈছিল । জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰাইজৰ দ্বাৰা কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত সমাধিস্থ কৰা হয় । এই ঘটনাই সমগ্ৰ নাজিৰাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে ক্ৰমাৎ লকডাউন অভিমুখে গতি কৰা পৰিস্থিতিত এচাম লোকৰ দুবেলা দুমুঠি আহাৰ যোগাৰ হোৱাটো যে বন্ধ হৈ পৰিব সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । স্থানীয় লোকৰ ভাষ্যমতে পূৰ্বতে নাজিৰাৰ ভিতৰুৱা অঞ্চল ধোবাবিলৰ ওচৰত বসবাস কৰা বিহাৰী বাক্তিয়ে বসবাস কৰা ভূমি বিক্ৰী কৰি পোনৰ বৰচাপৰিত থিতাপি লৈছিল । অৰুণোদয়, চৰকাৰী ৰেচন কাৰ্ড আদিৰ কোনো সুবিধা নোহোৱা অৱস্থাত পিতৃ-কন্যাই বহু সময়ত নিয়মীয়া খাদ্য খাবলৈ নেপাইছিল । স্থানীয় লোকে অভাৱ আৰু দাৰিদ্ৰ্যৰ বাবেই এই আত্মহত্যৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা