ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১০মেলৈ ওদালগুৰিত ৯৭ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ১০ মেলৈ আক্ৰান্তৰ সংখ্যা ৯০৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ১০মেলৈ ৮০২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৯৭ গৰাকী দেহত কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯৬ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৮৯ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৪৫ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে কালিৰ তথ্য অনুসৰি ওদালগুৰিৰ কাঁহিবাৰী গাঁওৰ লীনা দৈমাৰী(৮৯),হৰিশিঙাৰ নিজ জকৰা গাঁওৰ অৰুপ নাথ (৩০) আৰু টংলাৰ জালুকবাৰীৰ মহেন্দ্ৰ নাথ শৰ্মা(৬৭),মাজবাটৰ কৰ্ন উপাধ্যায় (৬৫) নামৰ চাৰি জন লোক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।সমগ্ৰ জিলাখনত ১০মেলৈ ৪৫+ বছৰৰ পৰা উৰ্দ্ধত ৬১,২৮৬গৰাকী পঞ্জীয়নভুক্ত ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে ৷ পুৱাৰে পৰা শাৰী শাৰীকৈ লাইন পাতি থকা পঞ্জীয়ন ভূক্ত হৈ থকা ১৮-৪৪ বছৰলৈ১৯০০শ গৰাকীক প্ৰদান কৰা হৈছে ক’ভেস্কিন ৷ ভেকচিন লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে নব যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা