নাজিৰা মহকুমাৰ গেলেকী গাওঁ পঞ্চায়ত এনে এটা পঞ্চায়ত য’ত প্ৰতিটো কামতেই দুৰ্নীতি হৈ আহিছে । পঞ্চায়তৰ সন্মুখ ভাগত অহা এটা পথৰ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে । ৬ লাখ ২৩ হাজৰ টকাত নিৰ্মাণ হ’ব লগা এই পথটো নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা নিৰ্মাণ সমিতিৰ সভাপতিয়ে কোনো কথা গম নোপোৱাকৈয়ে পঞ্চায়তৰ সচিব উপেন বৰা, সভানেত্ৰী বেবী মাহান্তি তাছা, সহকাৰী অভিযন্তা প্ৰাঞ্জিত ভূঞাই একলগ হৈ বিল পাছ কৰি ধন হৰলোকি কৰাৰ ঘটনাই অঞ্চলটোৰ লোকসকলক ক্ষোভিত কৰি তুলিছে । ৰাইজৰ পৰা জানিব পৰা মতে নিম্নমানৰ পথ নিৰ্মাণক লৈ বিৰোধ কৰাৰ বাবে জাকিৰ হুছেইন নামৰ ব্লক ইটা যোগান ধৰা ঠিকদাৰজনে দিন দুপৰতে গুন্দাগিৰী দেখাই গেলেকী পঞ্চায়তৰ কাৰ্যালয়ত আহি সমীৰণ নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰজনক মুকলি ধমকি দিয়ে, কিন্তু সেই সময়ত উক্ত স্থানত উপস্থিত থকা পঞ্চায়তৰ সচিব উপেন বৰায়েও কোনো বাধা প্ৰদান নকৰাত এক সন্দেহৰ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত । ইয়াৰোপৰি এই উপেন বৰাই পথটোৰ সন্দৰ্ভত যদি নিৰ্মাণ সমিতিৰ সভাপতিয়ে মুখ খোলে তেন্তে মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি প্ৰদান কৰে । পঞ্চায়তৰ বিষয় ববীয়াৰ এনেধৰণৰ আচৰণৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে । পঞ্চায়তৰ সচিব, সভানেত্ৰী, সহকাৰী অভিযন্তা আৰু জাকিৰ নামৰ ব্যক্তিজন একলগ হৈ বহুদিনৰ পৰা এই পঞ্চায়তত দুৰ্নীতি কৰি অহা বিষয়টোৱে সকলোৰে চকু কপালত তুলিছে ।এই বিষয়ত প্ৰশাসনৰ বিষয়াই কি ভুমিকা পালন কৰে লক্ষ্যনীয় হৈ ৰব ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা