মাৰ্ঘেৰিটাত সান্ধ্য আইনৰ উলংঘন ,সান্ধ্য আইনৰ সুযোগ লৈছে একাংশ কয়লা মাফিয়াই

ক’ৰণাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি সন্ধিয়া ৬ঃ০০ বজাৰৰ পৰা পুৱা ৫ঃ০০ বজালৈ বলবত কৰা হৈছে সান্ধ্য আইন|উক্ত সময়চোৱাত ৰাজপথত  অত্যাৱশ্যেকীয় সেৱা সমূহৰ বাহিৰে আন যান-বাহনসমূহ চলাচল কৰিব নোৱাৰে যদিও গভীৰ  নিশালৈকে মাৰ্ঘেৰিটাত  চলাচল হৈ থাকে যান- বাহন| মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সান্ধ্য আইন উলংঘন কৰি চলাচল কৰি থকা  ডাম্পাৰ , ট্ৰাক , বলে’ৰকে ধৰি বিভিন্ন সৰু বৰ গাড়ীসমূহত চোৰাং কয়লা সৰবৰাহ হোৱা অভিযোগ তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ| অবৈধ ভাবে বাহনসমূহ চলাচল কৰি আছে যদিও মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসনে ৰহস্যজনক কাৰণত সান্ধ্য আইন ভংগকাৰী এই অবৈধ যান বাহনৰ ক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰা অভিযোগ ছাত্ৰ সংগঠনটো| তিনিচুকীয়া জিলা প্ৰশাসনক অতি শীৰ্ঘ্ৰ এই অবৈধ ব্যৱসায় বন্ধ  কৰিবলৈ ছাত্ৰ সংগঠনটোৱে  দাৱী জনাইছে| অন্যথা ছাত্ৰ সংগঠনটোৱে গণতান্ৰিক আনন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলি সঁকিয়াই দিছে|

Related Articles