ইটাখোলাত ৰাইজৰ সামাজিক দূৰত্ব উলংঘন! আৰক্ষী প্ৰশাসনক কঠোৰ হোৱাৰ আহবান সচেতন মহলৰ

 ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়ংকৰ ৰূপ লোৱাৰ সময়তে বিশ্বনাথ জিলাৰ ইটাখোলাত একাংশ ৰাইজে ক’ভিড প্ৰ’টকল নমনা পৰিলক্ষিত হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি দিনৰ ২ বজালৈকে দোকান-পোহাৰ তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অনুষ্ঠিত হৈ আছে। এই কাৰ্যলয়সমুহৰ ইটাখোলাৰ এক মাত্ৰ বিত্ত অনুষ্ঠান ইটাখোলা গ্ৰামীন বিকাশ বেংকৰ শাখাটো ৰাতিপুৱাৰে পৰা গ্ৰাহক ৰাইজে ভিৰ কৰি কোনো ধৰণৰ সামাজিক দূৰত্ব নমনাৰ পৰিলক্ষিত হৈছে। ইফালে ইটাখোলা দৈনিক বজাৰতো একেই ৰূপ দেখা গৈছে । যাৰ ফলত বৃহৎৰ ইটাখোলা অঞ্চলৰ ক’ভিড-১৯ মাহামাৰীয়ে অতি সোনকালে গণ সংক্ৰমণৰ ৰূপ লব বুলি স্থানীয় একাংশ ৰাইজে আশংকা ব্যক্ত কৰিছে। লগতে ক’ৰোণা প্ৰ’টকল নমনা তথা ক’ৰোণাক লৈ ল’ৰা ধেমালি কৰা এনে লোকৰ ওপৰত কঠোৰ হবলৈ স্থানীয় প্ৰশাসনক দাবী জনাইছে। উল্লেখযোগ্য যে জিলাখনৰ ক’ভিড মহামাৰীত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ ফলত বিশ্বনাথ প্ৰশাসনে আজি পৰ্যন্ত ৰাতিপুৱাৰে পৰা বিয়লি ২ বজালৈকে খোলা ৰখাৰ ঘোষণা কৰিছিল যদিও বৃহৎৰ ইটাখোলা অঞ্চলৰ চাহ বাগিচাসমুহত থকা দোকান সমুহত দোকানীসকলে প্ৰশাসনৰ নিৰ্দেশনা অংগুষ্ঠ প্ৰদৰ্শন কৰি সন্দ্ধিয়া পৰ্যন্ত দোকান সমুহ খোলা ৰখাৰ অভিযোগ উত্থাপন হৈছে। গতিকে ন-দুৱাৰ আটছাকে ধৰি বাগিচা সমুহৰ বিভিন্ন দল সংগঠনে এনে দোকানীসকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাইছে।

Related Articles