Breaking

হোমেন বৰগোহাঞিৰ মৃত্যুত মৰ্মাহত প্ৰধানমন্ত্ৰী মোদী, অসমীয়াত টুইট কৰি শোকপ্ৰকাশ

0 2,066

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুৱে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে।এটা টুইটযোগে নৰেন্দ্ৰ মোদীয়ে বৰগোহাঞি সন্দৰ্ভত লিখে, ‍‘অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল’।তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি’।

উল্লেখ্য যে বুধবাৰে ৰাতিপুৱা ৬.৫৮ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰগোহাঞিয়ে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। কিছু দিন পূৰ্বে কৰ’ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা ৮৯ বছৰীয়া বৰগোহাঞিৰ শৰীৰ হঠাৎ অসুস্থ হৈ পৰাত আজি পুৱতি নিশা ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

Leave A Reply

Your email address will not be published.